-১১ লাখ চিটিইউ চিনাক্ত কৰা হৈছে, ২৫ লাখৰো অধিক পৰিষ্কাৰ
নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত (১৭ ছেপ্টেম্বৰ) শুভাৰম্ভ কৰা স্বচ্ছতাই সেৱা অভিযান সমগ্ৰ দেশতে জনসাধাৰণৰ অংশগ্ৰহণৰ এক বৃহৎ আন্দোলনলৈ পৰিণত হৈছে। এই অভিযানৰ অধীনত বিভিন্ন ৰাজ্য আৰু চহৰত স্বেচ্ছাসেৱী শ্ৰম, ৰাজহুৱা স্থান পৰিষ্কাৰ কৰা, আৱৰ্জনা ব্যৱস্থাপনা, অনাময় লক্ষ্য নিৰ্ধাৰণ কৰা ইউনিটৰ ৰূপান্তৰকে ধৰি বৃহৎ পৰিসৰৰ স্বচ্ছতাৰ কাম চলি আছে। এই অভিযানৰ অধীনত স্থানীয় পৰ্যায়ত দৃশ্যমান পৰিৱৰ্তন নিশ্চিত কৰিবলৈ অনাময় লক্ষ্য নিৰ্ধাৰণ কৰা ইউনিটসমূহৰ চিনাক্তকৰণ, ৰূপান্তৰ, আৰু সৌন্দৰ্য্যবৰ্ধন দ্ৰুতগতিত কৰা হৈছে।
কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই অভিযানৰ অধীনত এতিয়ালৈকে ১,১০৯,১৫১টা অনাময় লক্ষ্য নিৰ্ধাৰণ ইউনিট (চিটিইউ) চিনাক্ত কৰা হৈছে, ইয়াৰে ২,৪৮,২৪১টা ইউনিট পৰিষ্কাৰ কৰা হৈছে। এই ইউনিটসমূহত মুঠ ৯,৬৬৯,৯৭৫ জন লোকে অংশগ্ৰহণ কৰিছে, আৰু ৪,৩৫,০৭৬ জন লোকে প্ৰত্যক্ষভাৱে লাভৱান হৈছে। সমগ্ৰ দেশতে ২৫৩,৮৮৪ টা ৰাজহুৱা স্থান পৰিষ্কাৰ কৰা হয়, য’ত ৭,২৫৯,১৯৮ জন লোকে অংশগ্ৰহণ কৰে।
পৰিৱেশ অনুকূল উৎসৱ নিশ্চিত কৰিবলৈ ১৩,৫৯৭টা পৰিৱেশ অনুকূল পেণ্ডল স্থাপন কৰা হয় আৰু উৎসৱৰ পিছত ৪,৭১০টা স্থানত পৰিষ্কাৰ-পৰিচ্ছন্নতা কৰা হয়। ইয়াৰ উপৰিও ১,৪৮২ টা স্বচ্ছতা ৰঙালী সৃষ্টি কৰা হয়, ৭,১৯৩ টা স্বচ্ছতা সমাৱেশৰ আয়োজন কৰা হয়, আৰু ৭,১৮০ টা শিবিৰ অনুষ্ঠিত কৰা হয়। সমগ্ৰ দেশতে ২,০৬৮টা ৱেষ্ট টু আৰ্ট ইনষ্টলেশ্যন, ১১,৭৫৩টা স্বচ্ছতা প্ৰতিযোগিতা, আৰু ২,২৮৫টা ক্ৰীড়া লীগ অনুষ্ঠিত হৈছিল। এই অভিযানৰ সময়ত ৬,৩৫৬টা খাদ্যৰ ৰাস্তা পৰিষ্কাৰ কৰা হয়, আৰু ৪৩,৮৯৫টা ঘৰে ঘৰে সজাগতা অভিযান চলোৱা হয়। ইয়াৰ উপৰিও ৪,৭২৬টা এছ বি এম সম্পত্তি ব্যৱহাৰ কৰা হৈছিল, ২,৫০৫টা আৰ আৰ আৰ কেন্দ্ৰ স্থাপন কৰা হৈছিল, আৰু ৭,৯৪৯টা এছ ইউ পি ড্ৰাইভ চলোৱা হৈছিল। এই অভিযানত এতিয়ালৈকে মুঠ ১,৮৯,৫২,২০২ জন লোকে অংশগ্ৰহণ কৰিছে।
এই অভিযানৰ অধীনত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই শ্ৰীনগৰৰ দল হ্ৰদত স্বচ্ছতা অভিযান আৰম্ভ কৰি অনাময় কৰ্মীসকলক সম্বৰ্ধনা জনায়। মহাৰাষ্ট্ৰৰ পিম্পৰী চিঞ্চৱাদৰ ডাপোদী শূন্য আৱৰ্জনা প্ৰকল্পক বহনক্ষম নগৰ শাসনৰ আৰ্হি হিচাপে প্ৰশংসা কৰা হৈছে, ৪২৮ ঘৰৰ আৱৰ্জনা সংগ্ৰহ কৰি পচন সাৰলৈ ৰূপান্তৰিত কৰি মহিলা সবলীকৰণ কৰা হৈছে। বিহাৰত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে অনাময় কৰ্মীক প্ৰশংসা পত্ৰ প্ৰদান কৰি ছাফাই এক্সপ্ৰেছৰ পতাকা উত্তোলন কৰে।
অনাময় কৰ্মীৰ স্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিভিন্ন চহৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰৰ আয়োজন কৰা হয়। বিহাৰৰ বেটিয়া পৌৰ নিগমে স্বাস্থ্য শিবিৰৰ আয়োজন কৰে, আৰু অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ ৭৪টা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা শিবিৰৰ আয়োজন কৰে। গোৱাত থকা পণ্ডা পৌৰ পৰিষদে গ্ল’ভছ বিতৰণ কৰাৰ লগতে অনাময় কৰ্মীসকলক পিপিই কিটৰ ব্যৱহাৰৰ প্ৰশিক্ষণ প্ৰদান কৰে। জম্মু-কাশ্মীৰৰ থানামণ্ডী পৌৰসভা সমিতিৰ উদ্যোগত অনাময় কৰ্মীসকলৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।
স্বচ্ছ আৰু সেউজ উৎসৱৰ অংশ হিচাপে চণ্ডীগড়ৰ আত্মসহায়ক গোটসমূহে ৱেষ্ট টু আৰ্ট প্ৰদৰ্শনীৰ আয়োজন কৰে, তেলেংগানাৰ কোৰুটলাত ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশ-বন্ধুত্বপূৰ্ণ বাথুকম্মা উৎসৱ উদযাপন কৰে, আৰু গুজৰাটৰ মৰ্বিত সেউজ নৱৰাত্ৰী বিষয়বস্তুৰ আধাৰত ৰঙালী সৃষ্টি কৰা হয়।
ৰায়পুৰত নমো যুৱ দৌৰৰ পতাকা উত্তোলন কৰে ছত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী অৰুণ ছাৱে। এই পাঁচ কিলোমিটাৰ দৌৰত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈকে ধৰি ৫ হাজাৰৰো অধিক দৌৰবিদে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে অহা ২৫ ছেপ্টেম্বৰত পণ্ডিত দীন দয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকীত দেশজোৰা এক দিন, এক সাথ, এক ঘন্টা (এদিন, একেলগে, এক ঘন্টা) কাৰ্যসূচীৰ আয়োজন কৰা হ'ব, য'ত লাখ লাখ নাগৰিকৰ অংশগ্ৰহণৰ আশা কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া