কন্ঠশিল্পী পাপন অসুস্থ বুলি ভুৱা প্ৰচাৰ, সম্পূৰ্ণ সুস্থ শিল্পীগৰাকী
গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। সুস্থ হৈ আছে পাপন। পাপনৰ মেনেজমেন্টে সদৰি কৰিছে তথ্য। কিছুসময়ৰ জুবিন গাৰ্গৰ শেষকৃত্য অনুষ্ঠানত পাপন অসুস্থ হোৱাৰ ভুৱা বাতৰি বিয়পি পৰিছিল। এম্বুলেঞ্চৰ জৰিয়তে গুৱাহাটীলৈ লৈ অনাৰ খবৰো প্ৰকাশ পাইছিল একাংশ সংবাদমাধ্যমত। অ
কন্ঠশিল্পী পাপন অসুস্থ বুলি ভুৱা প্ৰচাৰ, সম্পূৰ্ণ সুস্থ শিল্পীগৰাকী


গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। সুস্থ হৈ আছে পাপন। পাপনৰ মেনেজমেন্টে সদৰি কৰিছে তথ্য। কিছুসময়ৰ জুবিন গাৰ্গৰ শেষকৃত্য অনুষ্ঠানত পাপন অসুস্থ হোৱাৰ ভুৱা বাতৰি বিয়পি পৰিছিল। এম্বুলেঞ্চৰ জৰিয়তে গুৱাহাটীলৈ লৈ অনাৰ খবৰো প্ৰকাশ পাইছিল একাংশ সংবাদমাধ্যমত।

অসুস্থ হৈ পৰা জুবিনৰ পিতৃ কপিল ঠাকুৰক লৈ অনাৰ ব্যৱস্থাপনাতহে জড়িত হৈ আছিল পাপন। সামাজিক মাধ্যমত ভুল তথ্যৰে অনৰাগীক বিভ্ৰান্তি কৰিছিল একাংশ লোকে। এই সকলো খবৰ ভুৱা বুলি উল্লেখ কৰে পাপনৰ মেনেজমেন্টে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande