দিল্লীৰ এআইচিত সংগীত আইকন জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। অসম তথ্য কেন্দ্ৰ ( এ আই চি) ৰ কাৰ্যালয়ত মঙলবাৰে সংগীত অভিনেতা জুবিন গাৰ্গক সন্মান জনাই এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম তথ্য কেন্দ্ৰৰ কৰ্মচাৰীৰ সৈতে বহুমুখী ব্যক্তিত্বৰ প্ৰতিচ্ছবিত উপ-সঞ্চালক ছাবিৰ ন
দিল্লীৰ এআইচিত সংগীত আইকন জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি


নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। অসম তথ্য কেন্দ্ৰ ( এ আই চি) ৰ কাৰ্যালয়ত মঙলবাৰে সংগীত অভিনেতা জুবিন গাৰ্গক সন্মান জনাই এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

অসম তথ্য কেন্দ্ৰৰ কৰ্মচাৰীৰ সৈতে বহুমুখী ব্যক্তিত্বৰ প্ৰতিচ্ছবিত উপ-সঞ্চালক ছাবিৰ নিছাতে ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সংবাদ মাধ্যমৰ ব্যক্তিসকলেও বৃহৎ সংখ্যকে পুস্পাঞ্জলি জনাবলৈ উপস্থিত হয় সেই ঠাইত। উল্লেখ্য যে মঙলবাৰে বিয়লি গুৱাহাটী চহৰৰ উপকণ্ঠ অঞ্চলৰ সোণাপুৰৰ কমাৰকুছিত জনকন্ঠ জুবিন গাৰ্গৰ নশ্বৰদেহ পঞ্চভূতত বিলীন হৈ যায়। ইফালে বিদেহী আত্মাৰ সদগতি কামনা কৰি পৰ্যটন তথ্য কেন্দ্ৰ আৰু অসম এম্পোৰিয়ামৰ বিষয়া-কৰ্মচাৰীসকলেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জুবিনে ইচ্ছা কৰাৰ দৰেই উপস্থিত সকলোৱে একেলগে ‘মায়াবিনী’ গীতটি গাই বিদেহী আত্মাৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande