নাজিৰাৰ মুদিনগৰ চাহ বাগিচাত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
বাগিচা বন্ধ কৰি সকলো শ্ৰমিকে জনালে শ্ৰদ্ধাঞ্জলি।
নাজিৰাৰ মুদিনগৰ চাহ বাগিচাত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি


শিৱসাগৰ, ২৩ ছেপ্টেম্বৰ (হি.স.): জুবিন গাৰ্গৰ শেষকৃত্যৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে গেলেকীৰ মুদি নগৰ কাৰ্যালয়ৰ সন্মুখত আজি হাজাৰ হাজাৰ শ্ৰমিকে জনালে বিদায় শ্ৰদ্ধাঞ্জলি।

জুবিন গাৰ্গৰ আকস্মিক বিয়োগ আৰু শোকাকুল পৰিৱেশৰ মাজত আগন্তুক দূৰ্গোৎসৱত মুদিনগৰ চাহ বাগিচাৰ ৰাইজে চিনেমা (ছবি) বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুদি নগৰ চাহ বাগিচাৰ শ্ৰমিক ৰাইজে। মুদিনগৰ চাহ বাগিচাৰ শ্ৰমিক ৰাইজে আগন্তুক দূৰ্গা পূজাত চিনেমা প্ৰদৰ্শন বাতিল কৰা সিদ্ধান্তক অসম চাহ জনজাতি ছাত্ৰ সন্থাই ধন্যবাদ জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande