নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। গ্ল’বেল ৰেটিং এজেন্সী ষ্টেণ্ডাৰ্ড এণ্ড পুৰ’ছ (এছ এণ্ড পি) গ্ল’বেল ৰেটিংছে অনুকূল বাৰিষাৰ মাজত প্ৰবল ঘৰুৱা চাহিদাৰ উদাহৰণ দি চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ বাবে ভাৰতৰ জিডিপি বৃদ্ধিৰ পূৰ্বানুমান ৬.৫ শতাংশত বজাই ৰাখিছে।
মঙলবাৰে ৰেটিং এজেন্সীয়ে প্ৰকাশ কৰা এক বিবৃতিত ২০২৬ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ বাবে ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ ৬.৫ শতাংশত সুস্থিৰ হৈ থাকিব বুলি প্ৰক্ষেপ কৰিছে। শেহতীয়া প্ৰতিবেদন “এছিয়া-পেচিফিক চতুৰ্থ ত্ৰৈমাসিক ২০২৫: বাহ্যিক চাপৰ দ্বাৰা ক্ষতিগ্ৰস্ত বৃদ্ধি”ত এছ এণ্ড পিয়ে কয় যে সাধাৰণতে অনুকূল বাৰিষাৰ মাজত ঘৰুৱা চাহিদাৰ প্ৰবলতাৰ উদাহৰণ দি তেওঁলোকে নিজৰ বৃদ্ধিৰ পূৰ্বাভাস ৬.৫ শতাংশত বজাই ৰাখিছে।
ৰেটিং সংস্থাটোৱে লগতে কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ পূৰ্বাভাস ৩.২ শতাংশলৈ হ্ৰাস কৰাৰ বাবে চলিত বিত্তীয় বৰ্ষত সুতৰ হাৰ (ৰেপ’ ৰেট) ০.২৫ শতাংশ হ্ৰাস কৰিব বুলি আশা কৰিছে।
উল্লেখযোগ্য যে চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ প্ৰথম ত্ৰৈমাসিকত (এপ্ৰিল-জুন) ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ হাৰ আছিল ৭.৮ শতাংশ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া