নিউয়ৰ্ক (আমেৰিকা), ২৩ ছেপ্টেম্বৰ (হি.স.)। ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে হোৱা বৈঠকত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই পুনৰ কয় যে ভাৰতৰ সৈতে সম্পৰ্ক আমেৰিকাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে, “ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ (ইউএনজিএ)ৰ উচ্চ পৰ্যায়ৰ সপ্তাহৰ সময়তে আজি (২২ ছেপ্টেম্বৰ) ভাৰতৰ বৈদেশিক মন্ত্ৰী সুব্ৰহ্মণ্যম জয়শংকৰৰ সৈতে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই সাক্ষাৎ কৰে।”
বিবৃতি অনুসৰি বিদেশ মন্ত্ৰী ৰুবিঅ’ই পুনৰ কয় যে ভাৰতৰ সৈতে সম্পৰ্ক আমেৰিকাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, ঔষধ, জটিল খনিজ পদাৰ্থ, আৰু দ্বিপাক্ষিক সম্পৰ্কৰ সৈতে জড়িত অন্যান্য বিষয়কে ধৰি বিভিন্ন বিষয়ত ভাৰত চৰকাৰৰ অবিৰতভাৱে জড়িত থকাৰ শলাগ লয়।
আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে ৰুবিঅ’ আৰু জয়শংকৰে কোৱাডৰ জৰিয়তে মুক্ত আৰু মুকলি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰসাৰৰ বাবে আমেৰিকা আৰু ভাৰতে একেলগে কাম কৰি যাব বুলি একমত প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে জয়শংকৰে তেওঁৰ এক্স হেণ্ডেলত মাৰ্কো ৰুবিঅ’ আৰু ইউৰোপীয় ইউনিয়নৰ নেতাসকলৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ফটো আৰু চমু বিৱৰণো শ্বেয়াৰ কৰিছিল।
জয়শংকৰে এক্স পোষ্টত লিখিছে, আজি পুৱা নিউয়ৰ্কত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ক লগ পাই আনন্দিত হৈছো। আমাৰ কথা-বতৰাত বৰ্তমানৰ চিন্তাৰ কেইবাটাও দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সামৰি লোৱা হৈছিল। আমি অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত অগ্ৰগতিৰ বাবে সহযোগিতা অব্যাহত ৰখাৰ গুৰুত্বৰ ওপৰত একমত হৈছিলো। আমি যোগাযোগত থাকিম। আন এটা পোষ্টত তেওঁ ইউৰোপীয় ইউনিয়নৰ নেতাসকলক লগ পাই আনন্দ প্ৰকাশ কৰে।
জয়শংকৰে আন এটা পোষ্টত লিখিছে, আজি নিউয়ৰ্কত ইউৰোপীয় ইউনিয়নৰ বৈদেশিক মন্ত্ৰীসকলক তেওঁলোকৰ অনানুষ্ঠানিক বৈঠকত লগ পাই মই আনন্দিত হৈছো। আমাক আতিথ্য দিয়াৰ বাবে ইউৰোপীয় ইউনিয়নৰ বৈদেশিক নীতিৰ মুৰব্বী কাজা কালাছক ধন্যবাদ। এয়া বহুপক্ষীয়তাবাদ, ভাৰত-ইউৰোপীয় ইউনিয়নৰ অংশীদাৰিত্ব, ইউক্ৰেইন সংঘাত, গাজা, শক্তি, আৰু বাণিজ্যৰ ওপৰত অকপট মত বিনিময়ৰ এক সুযোগ আছিল ।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ উচ্চ পৰ্যায়ৰ ৮০ সংখ্যক অধিৱেশন আৰম্ভ হোৱাৰ সময়তে এই নেতাসকলৰ সৈতে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰৰ এই বাৰ্তালাপ। লটে নিউয়ৰ্ক পেলেচত ৰুবিঅ’ৰ সৈতে তেঁওৰ সাক্ষাত হৈছিল। ৰুবিঅ’ আৰু জয়শংকৰৰ এই বৈঠক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পিছত প্ৰথমখন মুখামুখি বৈঠক। পৰৱৰ্তী সময়ত ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক ৫০ শতাংশলৈ বৃদ্ধি কৰা হৈছিল। উল্লেখ্য যে জয়শংকৰে ২৭ ছেপ্টেম্বৰত ইউএনজিএৰ মঞ্চৰ পৰা বিবৃতি প্ৰদান কৰিব ।
हिन्दुस्थान समाचार / অৰৱিন্দ