দুলীয়াজানত তৃতীয় শ্ৰেণীৰ ছাত্ৰীক বলাৎকাৰ কৰি নিমৰ্মভাৱে হত্যা, অপৰাধীক ফাঁচীৰ দাবী
ডিব্ৰুগড়, ২৩ ছেপ্টেম্বৰ (হি.স.)। দুলীয়াজানত ভয়ংকৰ কাণ্ড। এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীক বলাৎকাৰ কৰি অতি নিমৰ্মভাৱে হত্যা। দুলীয়াজানৰ নতুন ডিৰিয়াল চাহ বাগিচাত এই ঘটনা সংঘটিত হৈছে । সোমবাৰে দুলীয়াজানৰ নতুন ডিৰিয়াল চাহ বাগিচাত হাৰ্টথ্ৰ'' জুবিন গ
দুলীয়াজানত তৃতীয় শ্ৰেণীৰ ছাত্ৰীক বলাৎকাৰ কৰি নিমৰ্মভাৱে হত্যা, অপৰাধীক ফাঁচীৰ দাবী


ডিব্ৰুগড়, ২৩ ছেপ্টেম্বৰ (হি.স.)। দুলীয়াজানত ভয়ংকৰ কাণ্ড। এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীক বলাৎকাৰ কৰি অতি নিমৰ্মভাৱে হত্যা। দুলীয়াজানৰ নতুন ডিৰিয়াল চাহ বাগিচাত এই ঘটনা সংঘটিত হৈছে । সোমবাৰে দুলীয়াজানৰ নতুন ডিৰিয়াল চাহ বাগিচাত হাৰ্টথ্ৰ' জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছিল।‌ উক্ত অনুষ্ঠানৰ পৰা দুস্কৃতিকাৰীয়ে ছাত্ৰী গৰাকীক অপহৰণ কৰি ছিল ।

প্ৰথমে দুস্কৃতিকাৰীয়ে বলাৎকাৰ কৰি পিচত নিৰ্মমভাৱে ছাত্ৰী গৰাকীক হত্যা কৰি মৃতদেহটো বাগিচাখনৰ ১৭ নম্বৰ চেকচনৰ এটা নলাত পেলাই থৈ গৈছিল। মংগলবাৰে স্থানীয় ৰাইজে ছাত্ৰী গৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিচতেই বাগিচাখনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ।‌ বাগিচাৰ সকলো শ্ৰমিকৰ লগতে স্থানীয় ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। এই ঘটনাক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতি নিয়ন্ত্ৰণ বাবে ডিব্ৰুগড় জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে কেইবাখনো আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই । আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত প্ৰকৃত অপৰাধীক আটক কৰিবলৈ সক্ষম হোৱা নাই । শেহতীয়াকৈ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। অপৰাধীক আটক কৰি কঠোৰ শাস্তি প্ৰদান নকৰা পৰ্যন্ত ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। এইপৰ্যন্ত উত্তেজিত ৰাইজে অব্যাহত ৰাখিছে পথ অৱৰোধ কাৰ্যসূচী।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande