নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ সৈতে খেলা-ধূলা কৰাৰ অভিযোগ উত্থাপন কৰি নিবনুৱা সমস্যাক সৰ্ববৃহৎ সংকট বুলি অভিহিত কৰে।
ৰাহুল গান্ধীয়ে নিজৰ পোষ্টত কয় যে নিবনুৱা সমস্যাই ভাৰতৰ যুৱক-যুৱতীসকলৰ সন্মুখত থকা আটাইতকৈ ডাঙৰ সমস্যা আৰু ইয়াৰ পোনপটীয়াকৈ ভোট চুৰিৰ সম্পৰ্ক আছে। যেতিয়া এখন চৰকাৰে জনসাধাৰণৰ আস্থা লাভ কৰি ক্ষমতালৈ আহে তেতিয়া ইয়াৰ প্ৰথম কৰ্তব্য হ’ল যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন আৰু সুযোগ প্ৰদান কৰা। ৰাহুলে দাবী কৰে যে এই কাৰণেই দেশত নিবনুৱা হাৰ ৪৫ বছৰৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে।
তেওঁ অভিযোগ কৰে যে চাকৰি হ্ৰাস পাইছে, নিযুক্তি প্ৰক্ৰিয়াৰ পতন ঘটিছে, যুৱক-যুৱতীসকলৰ ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি দিয়া হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া