নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। অহা ২৪ ছেপ্টেম্বৰত অতিৰিক্ত জিলা ন্যায়াধীশ সুনীল চৌধুৰীৰ আদালতত শুনানি হ’ব আদানী সম্পৰ্কীয় ৰিপ’ৰ্টৰ গোচৰ। ৰোহিনী আদালতৰ প্ৰধান জিলা আৰু অধিবেশন ন্যায়াধীশ গুৰবিন্দৰ পাল সিঙে জ্যেষ্ঠ দেৱানী ন্যায়াধীশৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই নিৰ্দলীয় সাংবাদিক প্ৰাঞ্জয় গুহা ঠাকুৰতা আৰু ৱেবছাইট নিউজ লণ্ড্ৰী দাখিল কৰা দুয়োখন আবেদন অতিৰিক্ত জিলা ন্যায়াধীশৰ ওচৰলৈ প্ৰেৰণ কৰিছে।
১৮ ছেপ্টেম্বৰত অতিৰিক্ত জিলা ন্যায়াধীশ আশীষ আগৰৱালাই আদানীৰ ওপৰত ৰিপৰ্ট দিয়া নিষিদ্ধ কৰা জ্যেষ্ঠ দেৱানী ন্যায়াধীশৰ আদেশ স্থগিত ৰাখিছিল। অতিৰিক্ত জিলা ন্যায়াধীশগৰাকীয়ে নিজৰ আদেশত উল্লেখ কৰিছে যে সংশ্লিষ্ট সাংবাদিকৰ শুনা নোপোৱাকৈ বাতৰিৰ লেখা আৰু ভিডিঅ’ ডিলিট কৰাৰ নিৰ্দেশ উপযুক্ত নহয়। ইয়াৰ পাছতে ৰোহিনী আদালতৰ অতিৰিক্ত জিলা ন্যায়াধীশ সুনীল চৌধৰীয়ে আদানী সন্দৰ্ভত বাতৰি প্ৰকাশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা জ্যেষ্ঠ দেৱানী ন্যায়াধীশৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই যোৱা ২২ ছেপ্টেম্বৰত নিৰ্দলীয় সাংবাদিক প্ৰাঞ্জয় গুহা ঠাকুৰতা আৰু ৱেবছাইট নিউজ লণ্ড্ৰীয়ে দাখিল কৰা আবেদনসমূহ জিলা ন্যায়াধীশলৈ হস্তান্তৰ কৰে। তেওঁ যুক্তি দিছিল যে যিহেতু একাংশ সাংবাদিকে দাখিল কৰা আবেদনৰ ওপৰত আন এজন অতিৰিক্ত জিলা ন্যায়াধীশে ইতিমধ্যে অন্তৱৰ্তীকালীন আদেশ জাৰি কৰিছে, আৰু দুয়োখন আবেদনৰ প্ৰসংগ একে, সেয়েহে সাংবাদিকসকলৰ আবেদনৰ শুনানি হোৱা একেখন আদালতলৈ প্ৰেৰণ কৰিব লাগে।
ৰোহিনী আদালতৰ প্ৰধান জিলা আৰু অধিবেশন ন্যায়াধীশ গুৰবিন্দৰ পাল সিঙে আজি সাংবাদিকসকলৰ আৱেদন সন্দৰ্ভত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰা অতিৰিক্ত জিলা ন্যায়াধীশ আশীষ আগৰৱালালৈ এই আবেদনসমূহ প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰে। তেওঁ উল্লেখ কৰে যে যিহেতু দুয়োখন আবেদনৰ যুক্তি ইতিমধ্যে সুনীল চৌধুৰীৰ আদালতত দাখিল কৰা হৈছে, সেয়েহে একেজন ন্যায়াধীশে সিদ্ধান্ত ল’ব। প্ৰধান জিলা আৰু অধিবেশন ন্যায়াধীশ গুৰবিন্দৰ পাল সিঙে দুয়োখন আবেদন কাইলৈ ২৪ ছেপ্টেম্বৰত শুনানিৰ বাবে অতিৰিক্ত জিলা ন্যায়াধীশ সুনীল চৌধাৰীৰ আদালতলৈ প্ৰেৰণ কৰে।
শুনানিৰ সময়ত প্ৰাঞ্জয় গুহা ঠাকুৰতাই কয় যে যদি অতিৰিক্ত জিলা ন্যায়াধীশ সুনীল চৌধুৰী আৰু অতিৰিক্ত অধিবেশন ন্যায়াধীশ আশীষ আগৰৱালাৰ সিদ্ধান্ত অসামঞ্জস্যপূৰ্ণ হয় তেন্তে সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ পিছত প্ৰধান জিলা আৰু অধিবেশন ন্যায়াধীশ গুৰবিন্দৰ পাল সিঙে কয়, ইতিমধ্যে গৃহীত হোৱা আদেশটো মোক দেখুৱাওক। ইয়াৰ দ্বাৰা তেওঁৰ আদেশ প্ৰদান কৰাত সহায়ক হ'ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া