শোণিতপুৰ, ২৩ ছেপ্টেম্বৰ (হি.স.)। বালিপৰাৰ হাড় চূড় চাহ বাগিছাৰ ৰাইজে হাৰ্টথ্ৰ'ব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই সমদল।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি শোণিতপুৰৰ বালিপৰাৰ হাড় চূড়া চাহ বাগিছাৰ ৰাইজে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধা জনাই হাড় চূড়া চাহ বাগিছাৰ পৰা সমদল কৰি খেলমাটি হৈ বালিপৰালৈ আহে। পিছত পুনৰ হাড় চূড়ালৈ সমদলকাৰী দলটি উভতি যায়। আজি জুবিন গাৰ্গৰ আন্তষ্টিক্ৰিয়াৰ দিনা অংশ গ্ৰহণ কৰা সমদলকাৰী সকলে জুবিন গাৰ্গ অমৰ হওক ,জয় জুবিন গাৰ্গ,জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব আদি শ্লগানেৰে আকাশ বতাহ কপাই তোলে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু