গুৱাহাটী, ২৩ ছেপ্তেম্বৰ(হি.স.)। প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা দ্বিতীয়বাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত (জি এম চি এইচ) ত সম্পন্ন কৰা হৈছে। মৰণোত্তৰ পৰীক্ষা কাৰ্য্য়ৰ সময়চোৱাত এইমছৰ এজন বিশেষজ্ঞ চিকিতসক, জিএমচিএইচৰ দুজন চিকিৎসক, প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ এজন চিকিৎসককে ধৰি চিকিৎসা বিশেষজ্ঞৰ এটা দল উপস্থিত থাকি সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰে।
চিকিৎসকৰ দলটোৱে ভিডিঅ’গ্ৰাফীৰ সৈতে সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰে যাতে ইয়াত কোনো অসোৱাহ ৰৈ নাযায় । মৰণোত্তৰ পৰীক্ষাৰ সময়ত চি আই ডিৰ এটা দলো উপস্থিত থাকে। পৰীক্ষাৰ প্ৰতিবেদন ৩–৫ দিনৰ ভিতৰত পোৱা যাব বুলি আশা কৰা হৈছে।
দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ অন্তত জুবিন গাৰ্গৰ প্ৰাণহীন শৰীৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে পুনৰ সৰুসজাই ষ্টেডিয়ামলৈ লৈ যোৱা হয়। ইয়াৰ পূৰ্বে ছিংগাপুৰত প্ৰথমটো মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল।
ইয়াৰ পূৰ্বে সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰণোত্তৰ পৰীক্ষা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে। তেওঁ উল্লেখ কৰে যে, জুবিন গাৰ্গৰ পৰিয়ালৰ সন্মতি সাপেক্ষে জিএমচিএইচত দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা প্ৰথমে মঙলবাৰে পুৱা ৭.৩০ বজাত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু যান-বাহন ব্যৱস্থাপনা আৰু অনুৰাগীৰ বৃহৎ সমাৱেশৰ পৰিপ্ৰেক্ষিতত পুৱাৰ ভাগত তেওঁৰ মৃতদেহ পৰিবহণ কৰাৰ পৰিকল্পনা সংশোধন কৰা হয়।
মুখ্যমন্ত্রী গৰাকীয়ে উল্লেখ কৰে যে জি এম চি এইচ আৰু এইমছৰ বিশেষজ্ঞ সকলে এই প্রক্রিয়াটো তদাৰক কৰিব, যিটো প্রক্রিয়াত প্রায় দুঘণ্টা সময় লাগিব বুলি আশা কৰা হৈছে৷
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ