সোণাপুৰৰ হাতীমূৰা টিলাত পঞ্চভূতত বিলিন হ'ল সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ
গুৱাহাটী, ২৩ছেপ্টেম্বৰ (হি.স.)। পঞ্চভূতত বিলিন হ''ল সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ ৷ ৰাষ্ট্ৰীয় মৰ্যাদাৰে আজি জুবিনক শেষকৃত্য সম্পন্ন কৰা হয় ৷ উভতি নহাৰ পথেৰে অচিন দেশলৈ গুচি গ''ল তেওঁ ৷ তেওঁ আৰু কেতিয়াও ওভতি নাহে ৷ সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰা ট
পঞ্চভূতত বিলিন হ'ল সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ


পঞ্চভূতত বিলিন হ'ল সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ


গুৱাহাটী, ২৩ছেপ্টেম্বৰ (হি.স.)। পঞ্চভূতত বিলিন হ'ল সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ ৷ ৰাষ্ট্ৰীয় মৰ্যাদাৰে আজি জুবিনক শেষকৃত্য সম্পন্ন কৰা হয় ৷ উভতি নহাৰ পথেৰে অচিন দেশলৈ গুচি গ'ল তেওঁ ৷ তেওঁ আৰু কেতিয়াও ওভতি নাহে ৷ সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰা টিলাত আজি শিল্পী গৰাকীক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ পৰিয়াল, আত্মীয়ৰ লগতে লক্ষ-লক্ষ গুণমুগ্ধই শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ মন্ত্ৰমুগ্ধ ৰীতি-নীতিৰে আজি অন্তিম শয়নত বিদায় দিয়া হয় ৷

দিনৰ ১০.৫০ বজাত গুৱাহাটীৰ পৰা সোণাপুৰৰ সমাধিক্ষেত্ৰত নশ্বৰদেহ আহি‌ পোৱাৰ লগে লগে লক্ষ-লক্ষ গুণমুগ্ধই আৱেগিক হৈ পৰে ৷ কেৱল সকলোৰে মুখত জুুুুবিন দা জুবিন দা, অমৰ হওক ৷ হাতীমূৰা টিলাৰ সমাধিক্ষেত্ৰ জনসমুদ্ৰৰ পৰিণত হ'ল৷ আধ্যাত্মিক ৰীতি-নীতিৰে নশ্বৰদেহত শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰধানমন্ত্ৰীৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া,জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে সমূহ পৰিয়ালবৰ্গ।

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মাৰ লগতে বহু দল সংগঠনৰ নেতৃবৃন্দই ৷ চিতাৰ জুইত বিলিন হৈ গ'ল নশ্বৰদেহ ৷ জীৱনৰ শেষবাৰৰ বাবে জুবিনৰ চিতাৰ কাষত লক্ষ-লক্ষ জনতা ৷ অন্তিম শয়নত প্ৰতিগৰাকী লোকে ম্নিয়মান হৈ পৰে ৷ সকলোৱে শেষবাৰৰ বাবে বিদায় দিয়ে মৰমৰ শিল্পী গকাকীক ৷ নিশাৰে পৰা সমাধিক্ষেত্ৰলৈ অহা লক্ষ-লক্ষ অনুৰাগী শোকস্তব্ধ হৈ পৰে ৷ লক্ষ-লক্ষ লোকৰ চকুত চকুলো ৷

অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আজি সকলোৱে জনালে শেষ শ্ৰদ্ধা ৷ সংগীতৰ মায়াজাল ৰচি প্ৰতিটো প্ৰজম্মক আকৰ্ষণ কৰি অকালতে গুচি যোৱা জুবিনৰ মৃত্যুক কোনেও সহজ ভাবে ল'ব পৰা নাই ৷ গুৱাহাটীৰ পৰা নশ্বৰদেহ পুষ্পসজ্জিত বাহনত লৈ অহাৰ পিছতে অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিনৰ শেষকৃত্যত আজি শোকত ভাঙি পৰে ৷ জুবিন গাৰ্গৰ মুখাগ্নি কৰে তেওঁৰ ভগ্নী পালমী বৰঠাকুৰ, ৰাহুল গৌতম, অৰুণ গাৰ্গ আৰু টাৰ্চেন্ট মিত্তালে। জুবিনে মাত্ৰ ৫২ বছৰীয়া জীৱন পৰিক্ৰমাত ৪০ টা ভাষাত ৩৮ হাজাৰতকৈ অধিক গীতেৰে অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰিলে তেওঁ ৷ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া প্ৰত্যক্ষ কৰিবলৈ আহি বহু অনুৰাগী আজি দুখত অসুস্থ হৈ পৰে। আজি সমগ্ৰ অসমজুৰি এক শোকাকুল পৰিৱেশে সৃষ্টি কৰে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande