নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। উত্তৰ পশ্চিম জিলাৰ জাহাঙ্গীৰপুৰী আৰু ইয়াৰ ওচৰে পাজৰৰ অঞ্চলসমূহত মংগলবাৰে বেচন খোৱাৰ পিছত বহুসংখ্য়ক লোক অসুস্থ হৈ পৰে। পুৱা প্ৰায় ৬ বজাত আৰক্ষীয়ে তথ্য লাভ কৰে যে কেইবাজনো লোকে বমি আৰু অস্বস্তিৰ অভিযোগ উত্থাপন কৰিছে।
এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ওচৰৰ চিকিৎসালয় এখনলৈ গৈ গম পায় যে প্ৰায় ১৫০ৰ পৰা ২০০জন লোক জৰুৰীকালীন ৱাৰ্ডলৈ আহিছে। চিএমঅ’ ডাঃ বিষেশ যাদৱে উল্লেখ কৰে যে ৰোগীসকল জাহাংগীৰপুৰী, মহেন্দ্ৰ পাৰ্ক, সময়পুৰ, ভালছোৱা ডেইৰী, লাল বাগ, আৰু স্বৰূপ নগৰ আদি অঞ্চলৰ পৰা আহিছিল। অৱশ্যে সকলো ৰোগীৰ অৱস্থা সুস্থিৰ বুলি ধৰা পৰাত কাকো চিকিৎসালয়ত ভৰ্তিৰ প্ৰয়োজন হোৱাটো সকাহৰ কথা। এতিয়ালৈকে কোনো গুৰুতৰ ভাৱে আক্ৰান্ত হোৱা নাই।
পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় দোকানী, ৰাজপথৰ বিক্ৰেতা, আৰু বাসিন্দাসকলক বিট কৰ্মচাৰী আৰু জনসাধাৰণৰ জৰিয়তে সতৰ্ক কৰি দিয়া হৈছে। খাদ্য বিভাগকো সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰি তদন্ত কৰিবলৈ কোৱা হৈছে।
উত্তৰ-পশ্চিম জিলাৰ আৰক্ষী উপ আয়ুক্ত ভীষ্ম সিঙে জনসাধাৰণক কোনো সন্দেহজনক খাদ্য সামগ্ৰী সেৱন নকৰিবলৈ আৰু কোনো সমস্যাৰ সৃষ্টি হ’লে তৎক্ষণাত প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া