পাণ্ডু ৩ নম্বৰ কলনীত দুৰ্গা পূজাৰ সোণালী জয়ন্তী
গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। শাৰদীয় দুৰ্গা পূজালৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত গুৱাহাটীৰ প্ৰতিটো পূজা মণ্ডপৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। ইফালে গুৱাহাটীৰ পাণ্ডু ৩ ফেৰিঘাট কলনীত অনুষ্ঠিত হোৱা দুৰ্গা পূজা উৎসৱৰ এইবাৰ সোণালী জয়ন্তী বৰ্ষ (৫০ তম
পাণ্ডু ৩ নম্বৰ কলনীত দুৰ্গা পূজাৰ সোণালী জয়ন্তী


গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। শাৰদীয় দুৰ্গা পূজালৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত গুৱাহাটীৰ প্ৰতিটো পূজা মণ্ডপৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। ইফালে গুৱাহাটীৰ পাণ্ডু ৩ ফেৰিঘাট কলনীত অনুষ্ঠিত হোৱা দুৰ্গা পূজা উৎসৱৰ এইবাৰ সোণালী জয়ন্তী বৰ্ষ (৫০ তম বছৰ)ত প্ৰৱেশ কৰিছে। এইবাৰৰ মূল বিষয়বস্তু হৈছে প্ৰতি মা-ৰ মাজত প্ৰতিমা বিৰাজে, অৰ্থাৎ প্ৰতিগৰাকী মাতৃৰ মাজত প্ৰতিমা চিত্ৰিত হয়।

পূজা সমিতিৰ কোষাধ্যক্ষই উল্লেখ কৰে যে এই দুৰ্গা পূজা শুভাৰম্ভ কৰিছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহই। এই স্মৃতিক লৈ আজিও কমিটীয়ে গৌৰৱ অনুভৱ কৰিছে। প্ৰতিবছৰৰ দৰেই এইবাৰো পঞ্চমীৰ দিনা দৰিদ্ৰ মাতৃক পূজা শাৰী আগবঢ়াই মাতা বন্দনা কৰি পূজা আৰম্ভ হ’ব ।

এইবাৰৰ থিমটো বাস্তৱায়িত কৰিব গুৱাহাটী চৰকাৰী কলা আৰু শিল্প মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সুমন সাহাই। পূজাৰ পৃষ্ঠপোষক হিচাপে কল্লোল চক্ৰৱৰ্তী, মুখ্য উপদেষ্টা হিচাপে খগেন চন্দ্ৰ কলিতা, সভাপতি হিচাপে ড° এন ডেকা, কাৰ্যবাহী সভাপতি হিচাপে পৱন দেৱক কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে। দুলু দাস, সৌৰভ পাল, আৰু ৰাহুল দে সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ বিপৰীতে সুব্ৰত ধৰ আৰু মেমো দাসে কোষাধ্যক্ষ হিচাপে দায়িত্ব বহন কৰিব।

নৱম দিনা অনুষ্ঠিত হ'ব কুমাৰী পূজা। দৈনিক পূজাৰ অন্তত ভক্তক প্ৰসাদ বিতৰণ কৰাৰ লগতে সন্ধিয়া আৰতি কৰা হ'ব। এইবাৰৰ দুৰ্গা পূজা চৰকাৰী নিয়ম মানি চলিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande