নলবাৰী, ২৩ ছেপ্তেম্বৰ (হি.স.)। নলবাৰীত জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ৪০ খন বাছ একেলগে ওলাই আহিল চহৰৰ মাজৰে। আজিৰ পিছত নলবাৰী জিলাৰ প্ৰতিখন বাছত কেৱল বাজিব জুবিনৰ গান । জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ সময়ত নলবাৰীত ৪০ খন বাচেৰে শোভাযাত্ৰা কৰে ।নলবাৰী চ’ক বজাৰৰ পৰা চহৰৰ মাজেৰে ওলাই পৰিভ্ৰমণ কৰে নলবাৰী ৷
আজি জুবিন গাৰ্গৰ সংগীত বজাই ৪০ খন বাছেৰে এই শোভাযাত্ৰা কৰি হিয়াৰ আমঠু গৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ উল্লেখযোগ্য যে নলবাৰী জিলাৰ বাছ মালিক সন্থাই আজিৰ পিছত বাছ চলাচল কৰা সময়ত এতিয়াৰ পৰা নলবাৰীৰ প্ৰতিখন বাছতে বাজিৱ কেৱল জুবিনৰ সংগীত৷এই কথা আজি উল্লেখ কৰে নলবাৰী জিলাৰ বাছ মালিক সন্থাই৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ