শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই শ্ৰীৰামপুৰত দোকান পোহাৰ বন্ধ
শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই শ্ৰীৰামপুৰত দোকান পোহাৰ বন্ধ পালনঃ
শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই শ্ৰীৰামপুৰত দোকান পোহাৰ বন্ধ


কোকৰাঝাৰ, ২৩ ছেপ্টেম্বৰ (হি.স.): কোকৰাঝাৰৰ শ্ৰীৰামপুৰতো প্ৰয়াত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বন্ধ পালন কৰা হয়। আজিৰ দিনটোত শ্ৰীৰামপুৰ অঞ্চলটোৰ সকলো দোকান-পোহাৰ, ব্যৱসায়ী প্ৰতিষ্ঠান, ব্যৱসায়ীক মহল বন্ধ কৰি শিল্পীগৰাকীক আদৰ-স্মৰণ কৰা দেখা যায়।

ৰাষ্ট্ৰীয় সংগীতৰ দৰে হৃদয়ছুই যোৱা গান উপহাৰ দিয়া এইজন জনপ্ৰিয় গায়কৰ অকাল প্ৰয়াণত সমগ্ৰ অঞ্চলত এক শোকৰ মেঘ নামি আহিছে।শ্ৰীৰামপুৰ ব্যবসায়ী সমিতিৰ সাধাৰণ সম্পাদক মহাদেব ৰায়ে কয় যে জুবিন গাৰ্গৰ গীতৰ সুৰ আৰু স্বৰ সদায় সকলোৰে হৃদয়ত অমৰ হৈ থাকিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande