গুৱাহাটী, ২৩ ছেপ্তেম্বৰ(হি.স.)। সোণাপুৰৰ কমাৰকুচি গাঁৱত আজি অনুষ্ঠিত হোৱা জুবিন গাৰ্গৰ শেষকৃত্য পৰ্বত পৰিয়ালৰ আন আন সদস্যৰ সৈতে পিতৃ কপিল ঠাকুৰ উপস্থিত হৈছিল। কিন্তু শেষকৃত্য পৰ্ব অব্য়াহত থকাৰ মাজতে পিতৃ কপিল ঠাকুৰ হঠাতে অসুষ্ঠ হৈ পৰে।
শেষকৃত্য পৰ্বত উপস্থিত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু পাপনে ষ্ট্ৰেচাৰেৰে এম্বুলেঞ্চলৈ আনিলে অসুস্থ হৈ পৰা পিতৃ কপিল ঠাকুৰক। লগে লগে তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য় যে বিগত কিছুদিন ধৰি অসুস্থ হৈ আছে জুবিন গাৰ্গৰ পিতৃ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ