নিউয়ৰ্ক (আমেৰিকা), ২৩ ছেপ্টেম্বৰ (হি.স.)। ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে সোমবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে সাক্ষাৎ কৰে। ইয়াৰ উপৰি তেওঁ ইউৰোপীয় ইউনিয়নৰ নেতাসকলৰ সৈতেও সাক্ষাৎ কৰে। জয়শংকৰে তেওঁৰ এক্স-মেন একাউণ্টত এই অনুষ্ঠানৰ ফটো আৰু চমু বিৱৰণী শ্বেয়াৰ কৰে।
জয়শংকৰে এক্স পোষ্টত লিখিছে, আজি পুৱা নিউয়ৰ্কত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ক লগ পাই আনন্দিত হৈছো। আমাৰ কথা-বতৰাত বৰ্তমানৰ চিন্তাৰ কেইবাটাও দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সামৰি লোৱা হৈছিল। আমি অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত অগ্ৰগতিৰ বাবে সহযোগিতা অব্যাহত ৰখাৰ গুৰুত্বৰ ওপৰত একমত হৈছিলো। আমি যোগাযোগত থাকিম। আন এটা পোষ্টত তেওঁ ইউৰোপীয় ইউনিয়নৰ নেতাসকলক সাক্ষাৎ কৰি আনন্দ প্ৰকাশ কৰে।
জয়শংকৰে লিখিছে, আজি নিউয়ৰ্কত ইউৰোপীয় ইউনিয়নৰ বৈদেশিক মন্ত্ৰীসকলৰ অনানুষ্ঠানিক বৈঠকত তেওঁলোকৰ সৈতে সাক্ষাৎ কৰি মই আনন্দিত হৈছো। আমাক আতিথ্য প্ৰদান কৰাৰ বাবে ইউৰোপীয় ইউনিয়নৰ বৈদেশিক নীতিৰ মুৰব্বী কাজা কল্লাছক ধন্যবাদ। এয়া বহুপক্ষীয়তাবাদ, ভাৰত-ইউৰোপীয় ইউনিয়নৰ অংশীদাৰিত্ব, ইউক্ৰেইন সংঘাত, গাজা, শক্তি, আৰু বাণিজ্যৰ ওপৰত অকপট মত বিনিময়ৰ সুযোগ আছিল।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ উচ্চ পৰ্যায়ৰ ৮০ সংখ্যক অধিৱেশন আৰম্ভ হ’বলৈ ওলোৱাৰ সময়তে এই নেতাসকলৰ সৈতে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে এই বাৰ্তালাপ কৰে। জয়শংকৰে লটে নিউয়ৰ্ক পেলেচত ৰুবিঅ’ক সাক্ষাৎ কৰিছিল। ৰুবিঅ’ আৰু জয়শংকৰৰ এই বৈঠক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পিছত প্ৰথমখন মুখামুখি বৈঠক আছিল। ইফালে ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক ৫০ শতাংশলৈ বৃদ্ধি পাইছে। জয়শংকৰে অহা ২৭ ছেপ্টেম্বৰত ইউএনজিএৰ মঞ্চৰ পৰা বিবৃতি প্ৰদান কৰিব ।
हिन्दुस्थान समाचार / অৰৱিন্দ