(আপডেট) বস্ত্ৰনগৰী শুৱালকুছিত জুবিনৰ এখন ফটোক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
কামৰূপ, ২৩ ছেপ্তেম্বৰ (হি.স.)। বস্ত্ৰনগৰী শুৱালকুছিত জুবিনৰ এখন ফটোক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। এজন যুৱকক উত্তম মাধ্যম জুবিন অনুৰাগীৰ। তামুলপুৰৰ এজন যুৱকে সামাজিক মাধ্যমত মিয়া খালিফাৰ সৈতে জুবিন গাৰ্গৰ ফটো সংলগ্ন কৰি প্ৰচাৰ কৰিছিল সামাজিক মাধ্যমত
(আপডেট) বস্ত্ৰনগৰী শুৱালকুছিত জুবিনৰ এখন ফটোক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি


কামৰূপ, ২৩ ছেপ্তেম্বৰ (হি.স.)। বস্ত্ৰনগৰী শুৱালকুছিত জুবিনৰ এখন ফটোক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। এজন যুৱকক উত্তম মাধ্যম জুবিন অনুৰাগীৰ। তামুলপুৰৰ এজন যুৱকে সামাজিক মাধ্যমত মিয়া খালিফাৰ সৈতে জুবিন গাৰ্গৰ ফটো সংলগ্ন কৰি প্ৰচাৰ কৰিছিল সামাজিক মাধ্যমত।

শুৱালকুছিত কৰ্ম সূত্ৰে আছিল যুৱজন আৰু তাৰ পাছতে জুবিন অনুৰাগীৰ ৰোষত পৰে তামোল পুৰৰ যুৱক কৈলাস দাস। শুৱালকুছিৰ জুবিন অনুৰাগীৰ যুৱক সকলে উত্তম মাধ্যম সুধায় যুৱক জনক। প্ৰাণৰ শিল্পী জনৰ ফটো এনেদৰে এগৰাকী পৰ্ণষ্টাৰ ৰ লগত সংলগ্ন কৰাটো কেতিয়াও সহিব নোৱাৰে অনুৰাগীয়ে, খঙত অগ্নিশৰ্মা হৈ পৰা ৰাইজৰ হাতৰ পৰা অৱশেষত উদ্ধাৰ কৰিলে শুৱালকুছি আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande