নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। বিশ্ব বাণিজ্যত আমেৰিকাৰ সুৰক্ষাবাদী স্থিতি আৰু শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগকাৰীয়ে বিক্ৰী অব্যাহত ৰখাৰ ফলত আজি ডলাৰৰ বিপৰীতে টকাৰ মূল্য অভিলেখ সৃষ্টি কৰিছে। পুৱা ১১:৩০ বজালৈকে ভাৰতীয় মুদ্ৰাৰ মূল্য ৩৮ পইচা হ্ৰাস পাই ৮৮.৬৯ টকা। সোমবাৰে অৰ্থাৎ পূৰ্বৰ ব্যৱসায়িক দিনটোত ভাৰতীয় মুদ্ৰা প্ৰতি ডলাৰত বন্ধ হৈছিল ৮৮.৩১ টকা।
আজি টকাৰ ব্যৱসায়ো নিম্নগামী স্থিতিত আৰম্ভ হয়। আজি পুৱা ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৮.৪১ টকাত মুকলি হয়, যিটো আন্তঃবেংক বৈদেশিক মুদ্ৰাৰ বজাৰত ডলাৰৰ বিপৰীতে ১০ পইচা হ্ৰাস পাইছে। আজিৰ ব্যৱসায় আৰম্ভ হোৱাৰ পিছত টকাৰ মূল্য কিছু সময়ৰ বাবে মুকলি স্তৰৰ পৰা ১ পইচা বৃদ্ধি পাই ৮৮.৪০ত উপনীত হয়। কিন্তু বজাৰৰ নেতিবাচক আৱেগৰ বাবে টকাৰ মূল্য হ্ৰাস পাইয়েই এতিয়ালৈকে সৰ্বনিম্ন স্তৰত উপনীত হয় প্ৰতি ডলাৰত ৮৮.৭১ টকা। যদিও তাৰ পিছত টকাৰ সামান্য আৰোগ্য হৈছে ২ পইচা, তথাপিও মুদ্ৰা বজাৰত ইয়াৰ ওপৰত হেঁচা অব্যাহত আছে।
শেহতীয়া মুদ্ৰা বজাৰ ব্যৱসায়ত ডলাৰ আৰু আন বেছিভাগ প্ৰধান আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বিপৰীতে টকাৰ প্ৰদৰ্শন কম। পুৱা ১১:৩০ বজালৈকে ব্ৰিটিছ পাউণ্ডৰ বিপৰীতে ৫৯.০৭ পইচা কমকৈ ১১৯.৮২ টকাত ব্যৱসায় হৈছিল। একেদৰে ইউৰোৰ বিপৰীতে টকাৰ মূল্য ৬৬.১৮ পইচা কমকৈ ১০৪.৬৫ত ব্যৱসায় কৰা হয়।
খুৰানা ছিকিউৰিটিজ এণ্ড ফাইনেন্সিয়েল চাৰ্ভিচেছৰ চিইঅ’ ৰবি চন্দৰ খুৰানাই কয় যে টকাৰ মূল্য দুৰ্বল হোৱাৰ মূল কাৰণ হৈছে আমেৰিকাৰ সুৰক্ষাবাদী ব্যৱস্থা। এছিয়াৰ অন্যান্য দেশৰ তুলনাত ভাৰতীয় ৰপ্তানিৰ ওপৰত অধিক শুল্ক ঘোষণা কৰিছে আমেৰিকাই। লগতে নতুন আবেদনৰ বাবে এইচ-১বি ভিছাৰ মাচুল বৃদ্ধি কৰিছে। আমেৰিকাৰ এই দুটা পদক্ষেপে ভাৰতৰ ৰপ্তানি ব্যয় বৃদ্ধি কৰাই নহয়, প্ৰত্যক্ষভাৱে তথ্য-প্ৰযুক্তি খণ্ডতো প্ৰভাৱ পেলাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া