কানাডাত পন্নুৰ সহযোগী গ্ৰেপ্তাৰ
অট’ৱা, ২৩ ছেপ্টেম্বৰ (হি.স.)। কানাডাৰ আৰক্ষীয়ে খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পন্নুৰ ঘনিষ্ঠ আৰু সোঁহাত ইন্দৰজিৎ সিং গোছালক গ্ৰেপ্তাৰ কৰিছে। সূত্ৰ অনুসৰি অট’ৱাত অস্ত্ৰ সম্পৰ্কীয় কেইবাটাও গোচৰৰ সৈতে জড়িত ৩৬ বছৰীয়া গোছালক গ্ৰেপ্তাৰ কৰা হৈছিল।
কানাডাত পন্নুৰ সহযোগী গ্ৰেপ্তাৰ


অট’ৱা, ২৩ ছেপ্টেম্বৰ (হি.স.)। কানাডাৰ আৰক্ষীয়ে খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পন্নুৰ ঘনিষ্ঠ আৰু সোঁহাত ইন্দৰজিৎ সিং গোছালক গ্ৰেপ্তাৰ কৰিছে। সূত্ৰ অনুসৰি অট’ৱাত অস্ত্ৰ সম্পৰ্কীয় কেইবাটাও গোচৰৰ সৈতে জড়িত ৩৬ বছৰীয়া গোছালক গ্ৰেপ্তাৰ কৰা হৈছিল। গোছাল ভাৰতে সন্ত্ৰাসবাদী সংগঠন ঘোষণা কৰা শিখছ ফৰ জাষ্টিচ (এছ এফ জে)ৰ বিশিষ্ট সদস্য। তেওঁ পন্নুৰ ব্যক্তিগত নিৰাপত্তা বিষয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰি কানাডাত খালিস্তান গণভোটৰ মূল স্থপতি হিচাপে গণ্য কৰা হয়। গোছালক দ্বিতীয়বাৰলৈ গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ নৱেম্বৰ মাহত টৰন্টোৰ হিন্দু মন্দিৰত হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল। অৱশ্যে তেওঁক চৰ্তসাপেক্ষে মুকলি কৰি দিয়া হয়।

ইফালে কানাডাৰ কৰ্তৃপক্ষই কয় যে অস্ত্ৰ ৰখা, অবৈধ সৰবৰাহ, হিংসাৰ বাবে উচটনি দিয়াৰ গোচৰত তেওঁৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ আছে। তেওঁক গ্ৰেপ্তাৰ কৰাটো ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্ক উন্নত হোৱাৰ লক্ষণ হিচাপে দেখা গৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande