ৰঙিয়াৰ বালাগাঁৱত হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তোষ্টিক্ৰিয়াৰ পোনপটীয়া সম্প্ৰচাৰ
কামৰূপ, ২৩ ছেপ্তেম্বৰ (হি.স.)। বিশ্ব ৰেকৰ্ড গঢ়া প্ৰাণৰ শিল্পী গৰাকীৰ নশ্বৰদেহৰ ওচৰত লঘোনে ভোকে চাৰিদিন পাৰ কৰিলে অনুৰাগীয়ে।এতিয়াও জনসমুদ্ৰত পৰিণত সোণাপুৰস্তিত সমাধিস্থলী।বহু লোকৰ হেপাহ এবাৰ শিল্পীগৰাকীৰ ওচৰত যোৱাৰ,কিন্তু এতিয়ালৈ বহুলোকে যাব পৰা ন
ৰঙিয়াৰ বালাগাঁৱত হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তোষ্টিক্ৰিয়াৰ পোনপটীয়া সম্প্ৰচাৰ


কামৰূপ, ২৩ ছেপ্তেম্বৰ (হি.স.)। বিশ্ব ৰেকৰ্ড গঢ়া প্ৰাণৰ শিল্পী গৰাকীৰ নশ্বৰদেহৰ ওচৰত লঘোনে ভোকে চাৰিদিন পাৰ কৰিলে অনুৰাগীয়ে।এতিয়াও জনসমুদ্ৰত পৰিণত সোণাপুৰস্তিত সমাধিস্থলী।বহু লোকৰ হেপাহ এবাৰ শিল্পীগৰাকীৰ ওচৰত যোৱাৰ,কিন্তু এতিয়ালৈ বহুলোকে যাব পৰা নাই মৰমৰ শিল্পী গৰাকীৰ ওচৰত।

সেহে ৰঙিয়াৰ আলিয়া টায়াৰ্চৰ স্বত্বাধিকাৰী আইতুল আহমেদে ৰাইজৰ সুবিধাৰ্থে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰিছে। বালাগাঁৱত অগণন লোকে উপভোগ কৰিছে পোনপটীয়া সম্প্ৰচাৰ। আইতুল আহমেদৰ এনে পদক্ষেপক ধন্য মানিছে অনুৰাগীসকলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande