জেন জিৰ প্ৰতিবাদৰ সময়ত বল প্ৰয়োগৰ নিৰ্দেশ দিয়া নেপালৰ গৃহ সচিবক অপসাৰণ
কাঠমাণ্ডু, ২৩ ছেপ্টেম্বৰ (হি.স.)। যোৱা ৮ ছেপ্টেম্বৰত কাঠমাণ্ডুত জেন জিৰ বিক্ষোভৰ সময়ত বল প্ৰয়োগৰ নিৰ্দেশ দিয়াৰ বাবে নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰে গৃহ সচিবক পদৰ পৰা অপসাৰণ কৰিছে। অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে গৃহ সচিব গোকৰ্ণ মণি দুৱ
हटाए गए गृह सचिव गोकर्ण मणि दुवाडी


কাঠমাণ্ডু, ২৩ ছেপ্টেম্বৰ (হি.স.)। যোৱা ৮ ছেপ্টেম্বৰত কাঠমাণ্ডুত জেন জিৰ বিক্ষোভৰ সময়ত বল প্ৰয়োগৰ নিৰ্দেশ দিয়াৰ বাবে নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰে গৃহ সচিবক পদৰ পৰা অপসাৰণ কৰিছে।

অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে গৃহ সচিব গোকৰ্ণ মণি দুৱাদীক পদৰ পৰা অপসাৰণ কৰিছে। এই সন্দৰ্ভত ন্যায়িক তদন্ত আৰম্ভ কৰিছে চৰকাৰে। তদন্ত সম্পূৰ্ণ নোহোৱালৈকে দুৱাদীক পদৰ পৰা অপসাৰণ কৰি পৰিকল্পনা আয়োগলৈ বদলি কৰা হৈছে।

গৃহ মন্ত্ৰী ওম প্ৰকাশ আৰয়ালে গৃহ সচিব দুৱাদীক অপসাৰণৰ কথা নিশ্চিত কৰি কয় যে প্ৰতিৰক্ষা সচিব ৰামেশ্বৰ ডাংগলক গৃহ সচিব নিযুক্তি দিয়া হৈছে। আজিৰে পৰা দংগলে গৃহ সচিবৰ দায়িত্ব গ্ৰহণ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande