গোৱালপাৰা, ২৩ ছেপ্তেম্বৰ (হি.স.)। সংগীত সম্ৰাট হাৰ্ডথ্ৰৱ জুবিন গাৰ্গক গভীৰ শ্ৰদ্ধাঞ্জলি জনাই গোৱালপাৰা জিলাৰ জলেশ্বৰ তপোবন মহাবিদ্যালয়ত আজি বিশাল স্বাস্থ্য মেলাৰ শুভাৰম্ভনি কৰে গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমংঙে ।
জিলা আয়ুক্ত গৰাকীয়ে ৰঙা ফিতা কাটি উক্ত স্বাস্থ্য মেলাৰ শুভ আৰম্ভণি কৰে।জিলা আয়ুক্ত গৰাকী শিল্পী গৰাকীৰ পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা আৰু শোকবাৰ্তা জনাই অসমবাসীয়ে আন এটা ৰত্ন হেৰুৱালে বুলি শোকত ম্ৰিয়মান হয় । আনফালে চৰকাৰৰ মানৱ কল্যান সেৱা হেতুকে আজিৰ এই স্বাথ্য মেলাখন অনুপুষ্টিয়াকৈ অনুষ্ঠিত কৰে । উল্লেখযোগ্য আজিৰ স্বাস্থ্য মেলাত ৫০ টা জটিল ৰোগৰ ৰোগীক প্ৰাৰম্ভিকভাৱে চিকিৎসা কৰি বাছনি কৰি পৰৱ্ৰতী সময়ত তেওঁ লোকক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব চৰকাৰে । মনকৰিবলগীয়া যে আজিৰ বিশাল স্বাস্থ্য মেলাত জলেশ্বৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা ভালে সংখ্যক ৰোগীয়ে চিকিৎসা সেৱা লাভ কৰিবলৈ স্বাস্থ্য মেলাত উপস্থিত হয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ