মহিলাৰ এদিনীয়া বিশ্বকাপ ২০২৫: হিদাৰ গ্ৰেহামকে ধৰি অষ্ট্ৰেলিয়া দলৰ পৰা গ্ৰেচ হেৰিছ বাদ
নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। অষ্ট্ৰেলিয়া দলৰ পৰা গ্ৰেচ হেৰিছ বাদ পৰিছে। যোৱা সপ্তাহত ভাৰতৰ বিৰুদ্ধে খেলৰ সময়ত এই আঘাতৰ সন্মুখী
ऑस्ट्रेलियाई  टीम की ऑलराउंडर ग्रेस हैरिस


নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। অষ্ট্ৰেলিয়া দলৰ পৰা গ্ৰেচ হেৰিছ বাদ পৰিছে। যোৱা সপ্তাহত ভাৰতৰ বিৰুদ্ধে খেলৰ সময়ত এই আঘাতৰ সন্মুখীন হৈছিল তেওঁ।

গ্ৰেচ হেৰিছ পাৱাৰ হিটিং আৰু বলিং দুয়োটাৰে বাবে পৰিচিত। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ষ্ট্ৰাইক ৰেট ১৫৫.৫২ আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২১টা উইকেট দখল কৰিছে। এতিয়া তেওঁৰ ঠাইত হিদাৰ গ্ৰেহামক নিযুক্তি দিয়া হৈছে। হিদাৰ গ্ৰেহাম এগৰাকী বেগী বলিং অল ৰাউণ্ডাৰ আৰু মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট লীগত পশ্চিম অষ্ট্ৰেলিয়াৰ হৈ প্ৰথম দুখন মেচ খেলিছে। এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৬ ইনিংছত ৯টা উইকেট দখল কৰিছে।

অষ্ট্ৰেলিয়াৰ দল:

এলিছা হিলি (অধিনায়ক), ডাৰ্চি ব্ৰাউন, এছ গাৰ্ডনাৰ, কিম গাৰ্থ, হিথাৰ গ্ৰেহাম, আলানা কিং, ফিবি লিচফিল্ড, টাহলিয়া মেকগ্ৰাথ, ছফী মলিনেক্স, বেথ মুন, এলিছ পেৰী, মেগান শ্বাট, এনাবেল চাথাৰলেণ্ড, জৰ্জিয়া ভল, জৰ্জিয়া ৱেৰহাম।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande