ছ’চিয়েল মিডিয়াৰ পৰা অপমানজনক বিষয়বস্তু আঁতৰাবলৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ গৌৰৱ ভাটিয়া
নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা জ্যেষ্ঠ অধিবক্তা গৌৰৱ ভাটিয়াই নিউজ চেনেলৰ শ্ব’ৰ সময়ত পেণ্ট নোহোৱাকৈ উপস্থিত হোৱাৰ অভিযোগ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত অপমানজনক বিষয়বস্তু আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদ
दिल्ली हाई कोर्ट


নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা জ্যেষ্ঠ অধিবক্তা গৌৰৱ ভাটিয়াই নিউজ চেনেলৰ শ্ব’ৰ সময়ত পেণ্ট নোহোৱাকৈ উপস্থিত হোৱাৰ অভিযোগ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত অপমানজনক বিষয়বস্তু আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে। আজি শুনানি গ্ৰহণ কৰে ন্যায়াধীশ অমিত বংশালে। আদালতে কয় যে তেওঁলোকে সম্পূৰ্ণ তথ্য পৰীক্ষা কৰি ২৫ ছেপ্টেম্বৰত অন্তৱৰ্তীকালীন আদেশ প্ৰদান কৰিব।

শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে গৌৰৱ ভাটিয়াৰ ব্যক্তিগত অংগ সন্দৰ্ভত যদি কিবা অপমানজনক বিষয়বস্তু থাকে তেন্তে ইয়াক আঁতৰোৱাৰ নিৰ্দেশ দিব, কিন্তু বিষয়বস্তু ব্যংগমূলক হ’লে নিষিদ্ধ কৰিব নোৱাৰে। শুনানিৰ সময়ত গৌৰৱ ভাটিয়াৰ হৈ অধিবক্তা ৰাঘৱ অৱস্থীয়ে উল্লেখ কৰে যে আবেদনকাৰীয়ে নিউজ চেনেলৰ শ্ব’ৰ সময়ত চুটি কাপোৰ পিন্ধিছিল আৰু ভুলবশতঃ কেমেৰামেনে নিজৰ তলৰ শৰীৰটো দেখুৱাইছিল।

অৱস্থীয়ে উল্লেখ কৰে যে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা কন্টেন্টে গৌৰৱ ভাটিয়াৰ গোপনীয়তা উলংঘা কৰিছে। ছ’চিয়েল মিডিয়াৰ পৰা কৰা আপত্তিজনক মন্তব্য আঁতৰাবলৈ আদালতক আহ্বান জনাইছে অৱস্থীয়ে। ভাটিয়াৰ আৱেদনত উল্লেখ কৰা হৈছে যে সমাজবাদী পাৰ্টিৰ মিডিয়া চেল, নিউজলণ্ড্ৰী, আম আদমী পাৰ্টিৰ নেতা সৌৰভ ভৰদ্বাজ, কংগ্ৰেছ নেতা ৰাগিনী নায়ক, সাংবাদিক অভিসৰ শৰ্মাই তেওঁলোকৰ ছ’চিয়েল মিডিয়া পোষ্টত এই কথা উল্লেখ কৰিছে। এই ব্যক্তিসকলৰ ছ’চিয়েল মিডিয়া পোষ্ট আঁতৰাই দিবলৈ দাবী জনায়।

দৰাচলতে শেহতীয়াকৈ গৌৰৱ ভাটিয়াই নিজৰ ঘৰৰ পৰাই অনলাইনযোগে নিউজ চেনেলৰ এটা অনুষ্ঠানত অংশ লৈছিল। শ্ব’টোৰ সময়ত নিউজ চেনেলৰ সাংবাদিকজনে চিনাকি কৰাই দিয়াৰ সময়ত ভাটিয়া কুৰ্তা পিন্ধি বহি আছিল, পায়জামা, পেণ্ট নোহোৱাকৈ। এই ফটোখনে ছ’চিয়েল মিডিয়াত এক বৃহৎ হুলস্থুলৰ সৃষ্টি কৰিছিল, তাৰ পিছতে গৌৰৱ ভাটিয়াই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande