ফ্ৰান্সৰ কেইবাখনো চহৰত পেলেষ্টাইনৰ পতাকা উত্তোলন নকৰাৰ চৰকাৰী সতৰ্কবাণীক অৱজ্ঞা
পেৰিছ, ২৩ ছেপ্টেম্বৰ (হি.স.)। ফ্ৰান্সত সোমবাৰে ৮০খনতকৈও অধিক পৌৰসভাই পেলেষ্টাইনৰ পতাকা উত্তোলন কৰে, যদিও চৰকাৰে ইয়াৰ বিৰুদ্ধে সকীয়াই দিছিল। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সময়ত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিয়াৰ প
ফ্ৰান্সৰ পতাকা


পেৰিছ, ২৩ ছেপ্টেম্বৰ (হি.স.)। ফ্ৰান্সত সোমবাৰে ৮০খনতকৈও অধিক পৌৰসভাই পেলেষ্টাইনৰ পতাকা উত্তোলন কৰে, যদিও চৰকাৰে ইয়াৰ বিৰুদ্ধে সকীয়াই দিছিল। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সময়ত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিয়াৰ প্ৰস্তুতি চলোৱাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই স্বীকৃতি ঘোষণাই ইজৰাইলত তীব্ৰ ৰাজনৈতিক সমালোচনাৰ সৃষ্টি কৰিছে। ফ্ৰান্সৰ প্ৰধান চহৰ যেনে লায়ন, নান্টেছ, ৰেনেছ, বেছানচনৰ পৌৰসভাসমূহে পেলেষ্টাইনৰ পতাকা উত্তোলন কৰিছিল। পেৰিছত মেয়ৰ এন্নে হিডালগোৰ বিৰোধিতা সত্ত্বেও বাওঁপন্থী চিটি কাউন্সিলৰ সদস্যসকলে চিটি হলত আধা ঘণ্টা ধৰি পতাকা উত্তোলন কৰে।

আভ্যন্তৰীণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেশজুৰি ৩৪,৮৭৫খন পৌৰসভাৰ ভিতৰত মাত্ৰ ৮৬খন পৌৰসভাইহে পেলেষ্টাইনৰ পতাকা উত্তোলন কৰে। মন্ত্ৰালয়ে এই পদক্ষেপক চৰকাৰী নিৰ্দেশ অৱমাননা বুলি অভিহিত কৰে।

ফ্ৰান্সৰ এই কাণ্ডই দেশখনত পেলেষ্টাইন বিষয়টোৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা সংবেদনশীলতা আৰু ইয়াৰ সন্দৰ্ভত স্থানীয় ৰাজনীতিৰ বিচ্ছিন্ন ধাৰাক উজ্জ্বল কৰি তুলিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande