নগাঁৱ, ২৩ ছেপ্টেম্বৰ (হি.স.)। নগাঁৱৰ চকৰিগাঁৱত আজি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ আৰক্ষীৰ।
এএছ ০২জে ২০৯২ নম্বৰৰ এখন বগা ৰঙৰ 'ইয়ন'ত বিক্ৰীৰ বাবে আনিছিল ড্ৰাগছখিনি। বাহন খনত আছিল চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী।
ইয়াৰে দুজন সৰবৰাহকাৰীৰ পলায়ন। নগাঁৱৰে চলচলিৰ দুজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ। অসামৰিক পোচাকত আৰক্ষীয়ে চলাইছিল উক্ত অভিযান।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু