ইন্দোৰত পাঁচ মহলীয়া অট্টালিকা ধ্বংস, ধ্বংসাৱশেষৰ তলত আৱদ্ধ দুজন লোকৰ মৃত্যু, উদ্ধাৰ ১২ জন
ইন্দোৰ (মধ্য প্ৰদেশ), ২৩ ছেপ্টেম্বৰ (হি.স.)। দেশৰ মিনি মুম্বাই নামেৰে পৰিচিত ইন্দোৰৰ ৰাণীপুৰা অঞ্চলৰ জৱাহৰ মাৰ্গত প্ৰেমসুখ টকীজৰ পিছফালে থকা পাঁচ মহলীয়া অট্টালিকা ভাঙি দুজন লোকৰ মৃত্যু হয়। ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰা ১৪ জন লোকৰ ভিতৰত ১২ জন লোকক উদ
ইন্দোৰত পাঁচ মহলীয়া অট্টালিকা ধ্বংস


ইন্দোৰ (মধ্য প্ৰদেশ), ২৩ ছেপ্টেম্বৰ (হি.স.)। দেশৰ মিনি মুম্বাই নামেৰে পৰিচিত ইন্দোৰৰ ৰাণীপুৰা অঞ্চলৰ জৱাহৰ মাৰ্গত প্ৰেমসুখ টকীজৰ পিছফালে থকা পাঁচ মহলীয়া অট্টালিকা ভাঙি দুজন লোকৰ মৃত্যু হয়। ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰা ১৪ জন লোকৰ ভিতৰত ১২ জন লোকক উদ্ধাৰ কৰা হৈছে । কালেক্টৰ শিৱম বৰ্মাই এয়া নিশ্চিত কৰিছে। তেওঁ লগতে কয় যে উদ্ধাৰ হোৱা লোকসকলৰ ভিতৰত এজনৰ ভৰিত গুৰুতৰভাৱে আঘাত পাইছে আৰু তেওঁৰ চিকিৎসা কৰি থকা হৈছে।

বিষয়াসকলৰ মতে, জৱাহৰ মাৰ্গৰ ঝাণ্ডা চ’কৰ সমীপৰ দৌলতগঞ্জৰ প্ৰেম টকীজৰ পিছফালে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। তথ্য লাভ কৰাৰ লগে লগে পৌৰ নিগম আৰু আৰক্ষী প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হয়। তিনিটা জেচিবি ব্যৱহাৰ কৰি উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰা হয়। বাসিন্দাসকলৰ মতে, অট্টালিকাটোত ছটা পৰিয়াল বাস কৰিছিল। উদ্ধাৰ আৰু সাহায্য অভিযানত এছডিইআৰএফৰ দলৰ সহায় লোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande