ৰাঁচীৰ কাদৰু আৰু অন্যান্য স্থানত ইডিৰ অভিযান
ৰাঁচী, ২৩ ছেপ্টেম্বৰ (হি.স.)। মঙলবাৰে ৰাজধানী ৰাঁচীৰ কেইবাটাও স্থানত একেলগে অভিযান চলাইছে প্ৰৱৰ্তন সঞ্চালকালয়ৰ দলটোৱে। চৰকাৰী সূত্ৰ অনুসৰি ইডিৰ দলটোৱে কাংকে ৰিজ’ৰ্ট, ৰাতু পথৰ সুখদেৱ নগৰ, আৰু কদৰুৰ বিভিন্ন স্থানত তালাচী চলাই আছে। উল্লেখযোগ্য যে ২০২৪
फाइल फोटो ईडी कार्यालय


ৰাঁচী, ২৩ ছেপ্টেম্বৰ (হি.স.)। মঙলবাৰে ৰাজধানী ৰাঁচীৰ কেইবাটাও স্থানত একেলগে অভিযান চলাইছে প্ৰৱৰ্তন সঞ্চালকালয়ৰ দলটোৱে। চৰকাৰী সূত্ৰ অনুসৰি ইডিৰ দলটোৱে কাংকে ৰিজ’ৰ্ট, ৰাতু পথৰ সুখদেৱ নগৰ, আৰু কদৰুৰ বিভিন্ন স্থানত তালাচী চলাই আছে।

উল্লেখযোগ্য যে ২০২৪ চনৰ ১০ জুলাইত ভূমি কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ তদন্ত কৰা ইডিৰ দলটোৱেও কাংকে ব্লক আৰু কাংকে অঞ্চলৰ বিবাদিত ভূমিৰ সত্যাসত্য নিৰূপণ কৰে। দলটোৱে পৰীক্ষা কৰা ভূমি কাংকেৰ চামা মৌজাৰ চিএনটি আৰু চৰকাৰী ভূমি। ইডিৰ দলটোৱে কাংকে ৰিজ’ৰ্ট আৰু কাংকে অঞ্চল পৰিদৰ্শন কৰি ভূমিৰ নথি-পত্ৰও পৰীক্ষা কৰে। খবৰ পোৱা গৈছে যে এই শেহতীয়া অভিযান একেটা ভূমিৰ সৈতে জড়িত।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande