শ্ৰীনগৰ, ২৩ ছেপ্টেম্বৰ (হি.স.)। চি আৰ পি এফৰ সঞ্চালক প্ৰধান জি পি সিঙে মঙলবাৰে শ্ৰীনগৰৰ ঐতিহাসিক লাল চ’কৰ পৰা মহিলা বাইক অভিযানৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ (ফ্লেগ অফ) কৰে। মহিলা দলটোৱে শ্ৰীনগৰৰ পৰা খাৰডুং লা (১৭,৬০০ ফুট) হৈ প্ৰায় ১৪০০ কিলোমিটাৰ দূৰত্বৰ পাংগং ছ’লৈ যাত্ৰা কৰি উভতি আহিব।
মুখপাত্ৰগৰাকীৰ মতে, এই অনুষ্ঠানটো চি আৰ পি এফে নিজৰ মহিলা কৰ্মীসকলৰ মাজত গৌৰৱৰ ভাৱ জগাই তোলা আৰু তেওঁলোকৰ শাৰীৰিক আৰু মানসিক সহনশীলতাৰ পৰীক্ষাৰ বাবে আৰম্ভ কৰা বিশেষ মহিলা বাইক অভিযানৰ অংশ। ২০২৩ চনৰ মাৰ্চ মাহত দিল্লীৰ পৰা জগদলপুৰলৈ প্ৰথম অভিযান চলাইছিল। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয়টো অভিযান চলাই শ্ৰীনগৰ, শ্বিলং, আৰু কন্যাকুমাৰীৰ পৰা কেভাদিয়ালৈ যোৱা পথসমূহ সামৰি লোৱা হৈছিল।
পতাকা উত্তোলনৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত চি আৰ পি এফৰ সঞ্চালক প্ৰধানগৰাকীয়ে কাশ্মীৰৰ এই ঐতিহাসিক স্থানলৈ মটৰ চাইকেল অভিযানত নামি ১৭,৬০০ ফুট উচ্চতাত উপনীত হোৱাৰ বাবে মহিলা কৰ্মীসকলক অভিনন্দন জনায়। তেওঁ আৰু কয় যে এই অভিযানত অংশগ্ৰহণ কৰা ৯৮ গৰাকী মহিলাই শ্ৰীনগৰৰ পৰা পাংগং হ্ৰদলৈ আৰু উভতি আহিব। ২৩ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ এই অভিযান চলিব, লাডাখ আৰু কাশ্মীৰৰ কিছুমান কঠিন ভূখণ্ড অতিক্ৰম কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ