চিআৰপিএফৰ বাবে ২০০টা স্নাইপাৰ ৰাইফল নিৰ্মাণ কৰিব কেৰাকেল আৰু আইচিঅ’এমএম
নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। এ ই জি গ্ৰুপৰ সহযোগী কোম্পানী কাৰাকেল আৰু আইকম টেলি লিমিটেডে যৌথভাৱে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীক ২০০টা চি এছ আৰ-৩৩৮ স্নাইপাৰ ৰাইফল যোগান ধৰিব। কাৰাকেল হৈছে ক্ষুদ্ৰ অস্ত্ৰৰ অগ্ৰণী ডিজাইনাৰ আৰু নিৰ্মাতা। আইকম
राइफल की तस्वीर


নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। এ ই জি গ্ৰুপৰ সহযোগী কোম্পানী কাৰাকেল আৰু আইকম টেলি লিমিটেডে যৌথভাৱে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীক ২০০টা চি এছ আৰ-৩৩৮ স্নাইপাৰ ৰাইফল যোগান ধৰিব। কাৰাকেল হৈছে ক্ষুদ্ৰ অস্ত্ৰৰ অগ্ৰণী ডিজাইনাৰ আৰু নিৰ্মাতা। আইকম টেলি লিমিটেড হৈছে মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড (এম ই আই এল)ৰ এটা গ্ৰুপ কোম্পানী।

এই চুক্তি অনুসৰি হায়দৰাবাদৰ আইক’এম কেৰাকেল ক্ষুদ্ৰ অস্ত্ৰ কমপ্লেক্সৰ পৰা এই স্নাইপাৰ ৰাইফল নিৰ্মাণ আৰু প্ৰেৰণ কৰা হ’ব।

চলিত বৰ্ষৰ এপ্ৰিল মাহত এই কমপ্লেক্সটো উদ্বোধন কৰা হৈছিল। স্থানীয়ভাৱে উৎপাদন কৰা এই কমপ্লেক্সটোৱে ভাৰতীয় সশস্ত্ৰ বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, আৰু বিশ্বব্যাপী ৰপ্তানিকাৰকসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।

ভাৰতত নিৰ্মিত প্ৰথম চি এছ আৰ-৩৩৮ স্নাইপাৰ ৰাইফল ২০২৫ চনৰ চতুৰ্থ ত্ৰৈমাসিকত ডেলিভাৰী হোৱাৰ কথা। চি এছ আৰ-৩৩৮ হৈছে বল্ট-একচন স্নাইপাৰ ৰাইফল। .৩৩৮ লাপুয়া মেগনামত চেম্বাৰ কৰা চিএছআৰ ৩৩৮ত ২৭ ইঞ্চিৰ বেৰেল, ১০ ৰাউণ্ডৰ মেগজিন, মেগাজিন মুক্তি আৰু সুৰক্ষা দুয়োটা ব্যৱস্থা, দুটা পৰ্যায়ৰ এডজাষ্টেবল প্ৰিচিচন ট্ৰিগাৰ আৰু চাৰিটা স্থানৰ, টেলিস্কোপিক, ভাঁজ কৰিব পৰা ষ্টক আছে।

কাৰাকালৰ চিইঅ’ হামাদ আলামেৰীয়ে কয় যে, এই মুকলিৰ জৰিয়তে আমি আইক'এমৰ সৈতে আমাৰ অংশীদাৰিত্বক অধিক আগুৱাই লৈ গৈছো আৰু প্ৰধানমন্ত্ৰী মোডীৰ মেক ইন ইণ্ডিয়া পদক্ষেপৰ প্ৰতি আমাৰ দায়বদ্ধতাক শক্তিশালী কৰিছো। ক্ষুদ্ৰ অস্ত্ৰ প্ৰযুক্তিৰ এই ঐতিহাসিক হস্তান্তৰে ইউএই-ভাৰত প্ৰতিৰক্ষা সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে।

আইকম টেলিকম লিমিটেডৰ সঞ্চালক সুমন্ত পাতুৰুৱে কয় যে, এই চুক্তি ভাৰতত প্ৰতিৰক্ষা উৎপাদনৰ বাবে দীৰ্ঘম্যাদী কৌশলৰ অংশ। ভৱিষ্যতৰ এই প্ৰতিৰক্ষা প্ৰয়োজনীয়তা পূৰণৰ বাবে উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবেও আইকম প্ৰতিশ্ৰুতিবদ্ধ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande