নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। দেশৰ আগশাৰীৰ জাহাজ নিৰ্মাণ কোম্পানী কোচিন শ্বিপয়াৰ্ড লিমিটেডে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অংশ হিচাপে দক্ষিণ কোৰিয়াৰ এইচ ডি শ্বিপবিল্ডিং এণ্ড অফশ্ব’ৰ ইঞ্জিনিয়াৰিং (এইচ ডি কে এছ অ’ ই) আৰু তামিলনাডু চৰকাৰৰ ন’ডেল এজেন্সী গাইডেন্সৰ সৈতে চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ দ্বাৰা উন্নত প্ৰযুক্তিৰ হস্তান্তৰ, বৃহৎ জাহাজ নিৰ্মাণ, বিনিয়োগ, আধুনিক জাহাজ নিৰ্মাণ কাৰখানা সৃষ্টি, বৃহৎ পৰিসৰৰ নিয়োগৰ সুযোগ সৃষ্টি আদিৰ সুবিধা হ’ব।
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এইচ ডি কে এছ অ’ ইৰ সৈতে চুক্তি স্বাক্ষৰিত হৈছিল ১৯ ছেপ্টেম্বৰত, সমুদ্ৰলৈ সমৃদ্ধি - ভাৰতৰ সামুদ্ৰিক খণ্ড পৰিৱৰ্তন অনুষ্ঠানৰ এদিন পূৰ্বে। এই চুক্তিৰ অধীনত চি এছ এলৰ ৩১০ মিটাৰ দীঘল শুকান ডকটোৰ সহায়ত ছুৱেজমেক্স টেংকাৰ, কণ্টেইনাৰ জাহাজ, কেপচাইজ বাল্ক কেৰিয়াৰ আদি বৃহৎ জাহাজ নিৰ্মাণ কৰা হ’ব। এই শুকান ডক ২০২৪ চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিছিল।
চি এছ এলে কোচিত ৮০ একৰ মাটিত ব্লক ফেব্ৰিকেশন ফেচিলিটি (বিএফএফ) স্থাপন কৰাৰ পৰিকল্পনা কৰিছে, য’ত ₹৩,৭০০ কোটি বিনিয়োগ কৰা হ’ব। ইয়াৰ বাৰ্ষিক উৎপাদন ক্ষমতা হ’ব ১.২ লাখ মেট্ৰিক টন। এই প্ৰকল্পৰ জৰিয়তে প্ৰায় ২০০০ প্ৰত্যক্ষ আৰু কেইবাগুণো অধিক পৰোক্ষ চাকৰিৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।
দুয়োখন দেশৰ মাজৰ অংশীদাৰিত্বই গ্ৰীণফিল্ড জাহাজ নিৰ্মাণ কাৰখানা, দক্ষতা বিকাশ, আৰু নতুন ব্যৱসায়িক সুযোগো চিনাক্ত কৰিব। এই সহযোগিতাই ভাৰতৰ বিশ্বব্যাপী জাহাজ নিৰ্মাণ কেন্দ্ৰ হিচাপে স্থানত যথেষ্ট অৰিহণা যোগাব, মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু অমৃত কাল ভিজন ২০৪৭ৰ অংশ হিচাপে চিহ্নিত কৰে।
চি এছ এল আৰু গাইডেন্সৰ মাজত হোৱা চুক্তি অনুসৰি তামিলনাডুত ১৫ হাজাৰ কোটি টকাৰ গ্ৰীণফিল্ড বিনিয়োগেৰে অত্যাধুনিক জাহাজ নিৰ্মাণ কাৰখানা স্থাপন কৰা হ’ব। এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত ৪ হাজাৰ প্ৰত্যক্ষ আৰু ৬ হাজাৰ পৰোক্ষ চাকৰিকে ধৰি ১০ হাজাৰ চাকৰিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। জাহাজ নিৰ্মাণ কাৰখানাত আধুনিক জাহাজ মেৰামতিৰ সুবিধাও থাকিব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া