পোৰবন্দৰ (গুজৰাট), ২৩ ছেপ্টেম্বৰ (হি.স.)। গুজৰাটৰ পোৰবন্দৰ উপকূলত এখন মালবাহী জাহাজ জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে। অধিক হতাহতি ৰোধ কৰিবলৈ প্ৰশাসনে সাৱধানতা স্বৰূপে চৌপাটীত জনসাধাৰণৰ চলাচলত বাধা আৰোপ কৰিছে।
বিষয়াসকলৰ মতে, আজি পুৱা পোৰবন্দৰৰ উপকূলৰ এখন মালবাহী জাহাজত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। জামনগৰৰ পৰা অহা ‘হৰি দৰ্শন’ নামৰ জাহাজখনত থকা জুই নিৰ্বাপিত হোৱা নাই। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে জিলা আৰক্ষী অধীক্ষককে ধৰি উচ্চপদস্থ বিষয়া চৌপাটীত উপস্থিত হয়।
জ্বলি থকা জাহাজখনৰ পৰা এতিয়াও বিস্ফোৰণৰ শব্দ শুনা গৈছে। প্ৰাৰম্ভিক অনুমান অনুসৰি জাহাজখনত থকা এল পি জি চিলিণ্ডাৰৰ বাবেই এই বিস্ফোৰণ ঘটিছে। বিষয়াসকলে জনোৱা মতে, জুই নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা চলি আছে যদিও এতিয়াও সফল হোৱা নাই। অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া