অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাই মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃহৎ কাৰ ৰেলী
বাক্সা, ২৩ ছেপ্টেম্বৰ (হি.স.)। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাই মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃহৎ কাৰ ৰেলী। অসমীয়াৰ হিয়াৰ আমঠু তথা অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত
অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাই মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃহৎ কাৰ ৰেলী


বাক্সা, ২৩ ছেপ্টেম্বৰ (হি.স.)। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাই মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃহৎ কাৰ ৰেলী। অসমীয়াৰ হিয়াৰ আমঠু তথা অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। আজি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বাক্সা জিলাৰ বাঁহবাৰীত মানাহ ৰাষ্ট্ৰীয় উদ্যান জীপ ছাফাৰি এছ'ছিয়েচনৰ উদ্যোগত আৰু জুবিন গাৰ্গৰ অনুৰাগী সকলৰ সহযোগত এক বিশাল কাৰ ৰেলী উলিওৱা হয়।

ৰেলীত প্ৰাণৰ শিল্পী গৰাকীৰ কালজয়ী গীত বজাই সকলৰে মন প্ৰাণ শোকেৰে ম্ৰিয়মান কৰি তোলা পৰিলক্ষিত হয় । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় প্ৰৱেশদ্বাৰৰ পৰা আৰম্ভ কৰা এই মহান শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত উলিওৱা কাৰ ৰেলীটো কালপানী, গোৱৰ্দ্ধনা হৈ শালবাৰীৰে পুনৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জলৈ আহিব বুলি উদ্যোক্তা সকলে জানিব দিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande