ধুবুৰী,২৩ ছেপ্টেম্বৰ (হি.স.)। বিগত চাৰিদিন ধৰি চহৰ, নগৰ, গাঁৱে ভূঞে কেবল জুবিন জুবিন আৰু জুবিন। জুবিন গাৰ্গৰ অৱদানক স্মৰণ কৰি ৰাজ্যজুৰি শোঁক। পিছ পৰি ৰৈ থকা চাহ বাগিচা অঞ্চল। চাপৰ, কৃষ্ণকলি আৰু চৈবাৰী চাহ বাগিচাৰ ৰাইজৰ জুবিনলৈ শ্ৰদ্ধাঞ্জলি। য'ত বাগিচা বন্ধ কৰি প্ৰায় ১০ হাজাৰ আদিবাসী লোক সকল ওলাই আহিল শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ নিজৰ প্ৰিয় আপোন শিল্পী গৰাকীক।
চাহ শ্ৰমিকৰ লগতে আদিবাসী লোক সকলে প্ৰথমে বাগিচায় বাগিচায় প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি লৈ উলিয়ায় বিশাল সমদল। পিছলৈ সকলোৱে সমবেত হৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মাল্যাৰ্পন অৰ্পন কৰি শেষ শ্ৰদ্ধাঞ্জলি জনায় প্ৰিয় শিল্পী গৰাকীক। জুবিন গাৰ্গে গোৱা আদিবাসী গীত আৰু ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন গীত পৰিৱেশন কৰিও জনায় শ্ৰদ্ধাঞ্জলী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা