তামুলপুৰত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ বাইক ৰেলি
তামুলপুৰ, ২৩ ছেপ্টেম্বৰ (হি.স.)। তামুলপুৰত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ বাইক ৰেলি অনুষ্ঠিত কৰা হৈছে। তামুলপুৰ নগৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দুই শতাধিক লোকে বাইক ৰেলিত অংশগ্ৰহণ কৰি মৰমৰ জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তামুলপুৰীয
তামুলপুৰত আজি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বাইক ৰেলি।


তামুলপুৰ, ২৩ ছেপ্টেম্বৰ (হি.স.)। তামুলপুৰত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ বাইক ৰেলি অনুষ্ঠিত কৰা হৈছে। তামুলপুৰ নগৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দুই শতাধিক লোকে বাইক ৰেলিত অংশগ্ৰহণ কৰি মৰমৰ জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তামুলপুৰীয়া ৰাইজে।

বাইক ৰেলিটো অতি শৃংখলাবদ্ধ ভাবে অনুষ্ঠিত কৰা হৈছে যাতে ৰেলিৰ সময়চোৱাত কোনো অপ্ৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়।

ৰেলিত সমাজৰ বিভিন্ন স্তৰৰ ৰাইজে জাতি ভেদ নিৰ্বিশেষে অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande