মাজুলী, ২৩ ছেপ্টেম্বৰ (হি.স.)। নামনি মাজুলীৰ বালিচাপৰিত মঙলবাৰে নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। চিলিণ্ডাৰ বিস্ফোৰণৰ বাবে এই অগ্নিকাণ্ড ঘটে l
অগ্নিকাণ্ডৰ ফলত বালিচাপৰি তিনিআলিৰ সাতখন কৈ দোকান ভস্মিভূত হয় l ইতিমধ্য়ে অগ্নিনিৰ্বাপন বাহিনীয়ে জুই নিৰ্বাপনৰ ব্যৱস্থা কৰিছে l ইফালে অগ্নিকাণ্ডৰ ফলত প্ৰকৃত লোকচানৰ বিষয়ে বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু