নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। মহাৰাষ্ট্ৰৰ নান্দেদ জিলাৰ শান্তিপূৰ্ণ গাঁও হোনৱাডজত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা ভাগ্যশ্ৰী মাধৱৰাও জাধৱৰ কাহিনী অনন্য। ২০০৬ চনত হোৱা এক মৰ্মান্তিক দুৰ্ঘটনাই তেওঁৰ জীৱনটো চিৰদিনৰ বাবে সলনি কৰি পেলালে, যাৰ ফলত তেওঁৰ স্নায়ুজনিত গুৰুতৰ আঘাতৰ সন্মুখীন হ’বলগীয়া হয়। মাহৰ পিছত মাহ ধৰি ভেণ্টিলেটৰত নিজৰ জীৱন ৰক্ষাৰ বাবে যুঁজিছিল আৰু কঠোৰ পুনৰ্বাসন প্ৰক্ৰিয়াৰ মাজেৰে নিজৰ সাহস পৰীক্ষা কৰিছিল।
ভাগ্যশ্ৰীৰ পৰিয়ালে তাইক হাৰ মানিব নিদিলে। ভাতৃ আৰু আপোনজনৰ উৎসাহত পেৰালিম্পিক গেমছত প্ৰৱেশ কৰে। ২০১৭ চনত পুনেত অনুষ্ঠিত মেয়ৰ কাপত অনুষ্ঠিত হোৱা প্ৰথমখন প্ৰতিযোগিতাত তেওঁ দুটাকৈ স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি সকলোকে আচৰিত কৰি তুলিছিল, যাৰ ফলত হতাশাক এক নতুন উদ্দেশ্যলৈ ৰূপান্তৰিত কৰিছিল। তেতিয়াৰ পৰাই ভাগ্যশ্ৰীয়ে এফ ৩৪ শাখাত শ্বট পুট এথলীট হিচাপে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০২২ চনৰ এছিয়ান পেৰাগেমছত ৰূপৰ পদক লাভ কৰাৰ লগতে টকিঅ’ ২০২০ আৰু পেৰিছ ২০২৪ পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। পেৰিছ পেৰালিম্পিকতো দেশৰ পতাকাবাহী হিচাপে অংশগ্ৰহণ কৰি মহিলাৰ শ্বট পুট এফ ৩৪ ইভেণ্টত পঞ্চম স্থান দখল কৰে।
৩৯ বছৰ বয়সতো ভাগ্যশ্ৰীৰ উৎসাহ কমি যোৱা নাই। ২০২৫ চনৰ খেলো ইণ্ডিয়া পেৰাগেমছত শ্বট পুট আৰু জেভেলিনত স্বৰ্ণ পদক লাভ কৰাৰ পিছত এতিয়া নতুন দিল্লী ২০২৫ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ভাগ্যশ্ৰী। তাই অহৰহ প্ৰশিক্ষণ লৈ আছে, নিজৰ স্থিৰতা, নিক্ষেপ কৌশল, শক্তিৰ উন্নতি সাধন কৰি আছে। ভাগ্যশ্ৰীয়ে কয় যে জৱাহৰলাল নেহৰু ষ্টেডিয়াম ভাৰতীয় এথলেটিকছৰ বাবে আইকনিক। ইয়াত প্ৰতিযোগিতা কৰাটোৱেই তাইৰ বাবে সকলো। প্ৰতিটো থ্ৰ’ই তাইৰ পৰিয়াল, প্ৰশিক্ষক, আৰু জাতিৰ বিশ্বাসৰ পৰা অনুপ্ৰাণিত। সেই বিশ্বাসক মই পদকলৈ ৰূপান্তৰিত কৰিব বিচাৰো। নতুন দিল্লীত তেওঁৰ লক্ষ্য কেৱল জয়ী হোৱাই নহয়, ভাৰতৰ পেৰাস্প’ৰ্ট ভৱিষ্যতৰ প্ৰতি আশা আৰু গৌৰৱ জগাই তোলা।
हिन्दुस्थान समाचार / অৰৱিন্দ