শিৱসাগৰ, ২৩ ছেপ্তেম্বৰ (হি.স.)। হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ১২ ফুট উচ্চতাৰ কাট অফ নিৰ্মাণ শিৱসাগৰত।মাত্ৰ কেইটামান ঘন্টাৰ ভিতৰত শিৱসাগৰৰ কেইজনমান উদীয়মান যুৱক যুৱতীয়ে সাজি উলিয়ায় এই কাট অফ ।
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ যি যেনেদৰে পাৰিছে যুগমীয়া কৰাৰ চেষ্টা কৰিছে প্ৰিয় শিল্পী গৰাকীৰ শেষ সময়ৰ স্মৃতি।উল্লেখ যে ১২ ফুট উচ্চতাৰ জুবিন গাৰ্গৰ এই কাট অফ শিৱসাগৰ পৌৰসভাৰ উদ্যোগত অনুষ্ঠিত হব লগা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ