(আপডেট) শ্ৰীভুমিৰ অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাড়িত বুজন পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ
শ্ৰীভুমি, ২২ ছেপ্টেম্বৰ (হি.স.)। সীমান্ত অতিক্ৰম কৰি ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা লাভ কৰিছে আৰক্ষীয়ে। আজি সোমবাৰে বিয়লি চুৰাইবাৰী ৱাচ পোষ্টত নিয়মীয়া পৰিদৰ্শনৰ সময়ত আৰক্ষীয়ে এখন বিলাসী বাহনৰ পৰা ৫০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰে। প
শ্ৰীভুমিৰ অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাড়িত বুজন পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ


শ্ৰীভুমি, ২২ ছেপ্টেম্বৰ (হি.স.)। সীমান্ত অতিক্ৰম কৰি ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা লাভ কৰিছে আৰক্ষীয়ে। আজি সোমবাৰে বিয়লি চুৰাইবাৰী ৱাচ পোষ্টত নিয়মীয়া পৰিদৰ্শনৰ সময়ত আৰক্ষীয়ে এখন বিলাসী বাহনৰ পৰা ৫০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰে।

প্ৰাপ্ত তথ্য অনুসৰিপাথাৰকান্দি অঞ্চলত দিনৰ প্ৰায় ১:৩০ বজাত মিজোৰামৰ পৰা ত্ৰিপুৰা অভিমুখে গৈ থকা পঞ্জীয়ন নম্বৰ এমজেড ০১ এএ ৪৫২৪ নম্বৰৰ এখন বাহন পৰীক্ষাৰ বাবে ৰখোৱা হয়। পূৰ্বৰ এক গোপন সূত্ৰৰ ভিত্তিত ৱাচ পোষ্টৰ ভাৰপ্ৰাপ্ত প্ৰণৱ মিলিয়ে এই অভিযানৰ নেতৃত্ব দিয়ে।

যদিও প্ৰাৰম্ভিক অনুসন্ধানৰ সময়ত একো পোৱা নগ’ল, আৰক্ষীয়ে ষ্টিয়াৰিঙৰ পিছফালে ২৫টা পেকেট থকা এটা লুকাই থকা ডবা উদ্ধাৰ কৰে। প্ৰতিটো পেকেটত ২০০০ টা ইয়াবা টেবলেট আছিল, যাৰ ফলত ৫০ হেজাৰ টা এই টেবলেট জব্দ কৰা হৈছে। অবৈধ বজাৰত মুঠ টেবলেটৰ মূল্য প্ৰায় ২.৫ কোটি টকা।

জব্দকৰণৰ সৈতে জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃতদ্বয় ৰাতাবাৰীৰ দলগ্ৰামৰ জয়জুল হকৰ পুত্ৰ ৰাজীব উদ্দিন (২৭) আৰু পাথাৰকান্দিৰ পানীঘাটৰ ৰেহান উদ্দিনৰ পুত্ৰ দিলৱাৰ হুছেইন (২৪) বুলি জানিব পৰা গৈছে। দুয়োৰে বিৰুদ্ধে নাৰ্কটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স (এনডিপিএছ) এক্টৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande