প্ৰয়াত জুবিনৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰা এজনক গ্ৰেপ্তাৰ
হোজাই, ২১ ছেপ্টেম্বৰ (হি.স.)। হোজাই জিলাৰ ডবকা আৰক্ষীয়ে কিংবদন্তি অসমীয়া কণ্ঠশিল্পী জুবিন গাৰ্গক লৈ অশ্লীল মন্তব্য কৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, গায়ক জুবিন গাৰ্গক লৈ ছ’চিয়েল মিডিয়াত অশ্লীল মন্তব্য কৰা মাধৱ চন্দ্ৰ
जुबिन के खिलाफ अश्लील टिप्पणी करने के आरोप में एक गिरफ्तार


হোজাই, ২১ ছেপ্টেম্বৰ (হি.স.)। হোজাই জিলাৰ ডবকা আৰক্ষীয়ে কিংবদন্তি অসমীয়া কণ্ঠশিল্পী জুবিন গাৰ্গক লৈ অশ্লীল মন্তব্য কৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, গায়ক জুবিন গাৰ্গক লৈ ছ’চিয়েল মিডিয়াত অশ্লীল মন্তব্য কৰা মাধৱ চন্দ্ৰ দৈমাৰী নামৰ যুৱকক ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। যুৱকজনৰ এই অশ্লীল মন্তব্যৰ পিছতে ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হয়, যাৰ ফলত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি গ্ৰেপ্তাৰ কৰে।

ধৃত যুৱকজনক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে জুবিনৰ অনুৰাগীয়ে। যোৱা শুকুৰবাৰে ছিংগাপুৰত জুবিনৰ মৃত্যুত অসম শোকত ডুব গৈছে। ৰাজ্য চৰকাৰে তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

 rajesh pande