দৰং, ২২ ছেপ্টেম্বৰ (হি.স.)। জুবিন গাৰ্গক মদাহী বুলি কটুক্তি কৰা দলগাঁৱত শিক্ষকক আটক৷
দৰঙৰ দলগাঁও বটাবাৰী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষকে জুবিনৰ মৃত্যুৰ দিনা ফেচবুকত জুবিনৰ ওপৰত কটু মন্তব্য কৰি পোষ্ট দিছিল৷ শিক্ষক জনৰ বিৰুদ্ধে থানাত এজাহাৰ দিয়াত দলগাঁও আৰক্ষীয়ে নিশা আটক কৰে শিক্ষক নুৰ জামাল হকক৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা