মৰিগাঁও, ২২ ছেপ্তেম্বৰ (হি.স.)। মৰিগাঁও জিলাৰ লাহৰিঘাট থানাৰ অন্তৰ্গত ২ নং বৰছলা গাৱৰ এজন যুৱক গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। জানিব পৰা মতে,২ নং বৰছলা গাৱৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা তাৰা মিঞাৰ পুত্ৰ আজহাৰুল ইছলাম পেটৰ তাড়নাত ৫ মাহ পুৰ্বে কৰ্ম বিচাৰি গৈছিল দক্ষিণাত্যৰ কেৰেলালৈ।
বিগত সপ্তাহত কেৰেলাৰ পৰা ৰেলেৰে ঘৰলৈ উভতি অহাৰ সময়ত ১৯ চেপ্তেম্বৰত গুৱাহাটীৰ পৰা নিৰুদ্দেশ হয়। অতি দুখীয়া ২ সন্তানৰ পিতৃ আজহাৰুল ইছলামক পৰিয়ালৰ লোকে আত্মীয়- স্বজনৰ গৃহৰ লগতে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও সন্ধান নাপায় বৰছলা আৰক্ষী পহৰা চকীত ইছলাম হেৰাই যোৱা বুলি এক জাননীও দিয়ে। যদি কোনো সদাশয় ব্যক্তিয়ে আজহাৰুল ইছলামৰ সন্ধান পায় তেন্তে ৯৮৬৪৯৭৩৯৭২ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ