বলীউডৰ শক্তিশালী অভিনেত্ৰী ৰাণী মুকেৰজীয়ে পুনৰবাৰ ডাঙৰ পৰ্দাত নিজৰ শক্তিশালী অভিনয়েৰে দৰ্শকক মোহিত কৰিবলৈ সাজু হৈছে। কেইবামাহো ধৰি তেওঁৰ বহু প্ৰত্যাশিত ছবি মৰ্দানী ৩ক লৈ যথেষ্ট উত্তেজনা সৃষ্টি হৈছে। এতিয়া প্ৰত্যাশা আৰু অধিক ৰোমাঞ্চকৰ হৈ পৰিছে, কিয়নো যশ ৰাজ ফিল্মছে নৱৰাত্ৰিৰ শুভ উপলক্ষে ছবিখনৰ বাবে এখন নতুন পোষ্টাৰ মুকলি কৰিছে।
এই পোষ্টাৰখনত ৰাণী মুকেৰজীয়ে নিজৰ আইকনিক চৰিত্ৰ শিবানী শিৱাজী ৰায়ক পুনৰ কল্পনা কৰা দেখা গৈছে। আৰক্ষীৰ ইউনিফৰ্ম পৰিধান কৰি বন্দুক লৈ ৰাণীৰ আকৰ্ষণীয় চেহেৰাই আকৌ এবাৰ প্ৰমাণ কৰে যে তেওঁ পৰ্দাত যিকোনো গেংষ্টাৰ বা অপৰাধীক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাবলৈ সাজু। পোষ্টাৰখনে স্পষ্টকৈ বুজাইছে যে এইবাৰ কাহিনীটো আৰু অধিক তীব্ৰ, শক্তিশালী আৰু প্ৰত্যাহ্বানমূলক হ’ব।
অভিৰাজ মিনাৱালাৰ পৰিচালনা আৰু প্ৰযোজক আদিত্য চোপ্ৰাৰ। এই জনপ্ৰিয় যশ ৰাজ ফিল্মছ ফ্ৰেঞ্চাইজিৰ তৃতীয় কিস্তিৰ বাবে দৰ্শকৰ আশা বহুত। ৰাণী মুকেৰজীয়ে ২০১৪ চনৰ মৰ্দানী আৰু ২০১৯ চনৰ মৰ্দানী ২ত তেওঁৰ তাৰকাময় অভিনয় আৰু খাকী ইউনিফৰ্মেৰে এক শক্তিশালী ছাপ পেলাইছিল।
নতুন পোষ্টাৰখনৰ জৰিয়তে নিৰ্মাতাসকলে লিখিছে, নৱৰাত্ৰিৰ শুভ উপলক্ষে ইয়াত বেয়াৰ ওপৰত ভালৰ জয় উদযাপন কৰা হৈছে। ৰাণী মুকেৰজীয়ে নিজৰ কেৰিয়াৰৰ আটাইতকৈ প্ৰত্যাহ্বানজনক গোচৰটোৰ তদন্ত কৰিবলৈ সাজু হৈছে।
২০২৬ চনৰ ২৭ ফেব্ৰুৱাৰীত চিনেমাগৃহত মুক্তি পাব মৰ্দানী ৩ ছবিখন।ৰাণী মুকেৰজীৰ ভূমিকাই পুনৰবাৰ সমাজক চিন্তা কৰিবলৈ বাধ্য কৰিব বুলি আশা কৰি ইতিমধ্যে ছ'চিয়েল মিডিয়াত দৰ্শক আৰু অনুৰাগীয়ে পোষ্টাৰখনৰ প্ৰশংসা কৰিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী