বাক্সাৰ আঠিয়াবাৰীৰ চেমঠাপাৰা ভোট কেন্দ্ৰত স্বামীৰ আক্ৰমণত আহত পত্নী
বাক্সা, ২২ ছেপ্তেম্বৰ (হি.স.)। বাক্সাৰ আঠিয়াবাৰীৰ চেমঠাপাৰা ভোট কেন্দ্ৰত ভয়ংকৰ ঘটনা। ভোটকেন্দ্ৰত স্বামীয়ে চোকা অস্ত্ৰৰে ডিঙিত ঘপিয়ালে পত্নীক। গুৰুতৰ ভাৱে আহত সনাথী বড়োক প্ৰাথমিক চিকিৎসাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও অৱস্থা অতি সংক
বাক্সাৰ আঠিয়াবাৰীৰ চেমঠাপাৰা ভোট কেন্দ্ৰত স্বামীৰ আক্ৰমণত আহত পত্নী


বাক্সা, ২২ ছেপ্তেম্বৰ (হি.স.)। বাক্সাৰ আঠিয়াবাৰীৰ চেমঠাপাৰা ভোট কেন্দ্ৰত ভয়ংকৰ ঘটনা। ভোটকেন্দ্ৰত স্বামীয়ে চোকা অস্ত্ৰৰে ডিঙিত ঘপিয়ালে পত্নীক। গুৰুতৰ ভাৱে আহত সনাথী বড়োক প্ৰাথমিক চিকিৎসাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও অৱস্থা অতি সংকটজনক হোৱাত বৰপেটা চিকিৎসালয়লৈ লৈ প্ৰেৰন কৰে চিকিৎসকে। ঘটনা সংঘটিত কৰি ঘাতক স্বামী বিজয় বড়োৱে ভোট কেন্দ্ৰৰ পৰা পলায়ন কৰে। এই পৰ্যন্ত পোহৰলৈ অহা নাই স্বামী-পত্নীৰ মাজত সংঘটিত হোৱা ভয়ংকৰ ঘটনাৰ ৰহস্য।

ঘটনাক কেন্দ্ৰ কৰি ভোট কেন্দ্ৰৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত বাক্সা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰাৰ লগতে পলাতক ঘাতক স্বামী বিজয় বড়োৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। ২৪ নং চেমঠাপাৰা ভোট কেন্দ্ৰত সংঘটিত হয় এই ভয়ংকৰ চাঞ্চল্যকৰ ঘটনাটো। পত্নীক আক্ৰমন কৰা ঘাতক স্বামী বিজয় বড়ো এগৰাকী প্ৰাক্তন সেনা জোৱান।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande