চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ অসাধাৰণ প্ৰতিভাক চীনলৈ আমন্ত্ৰণ
বেইজিং, ২২ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকাত প্ৰবাসী দক্ষ কৰ্মীৰ বাবে ট্ৰাম্প প্ৰশাসনে ভিছাৰ নিয়ম কটকটীয়া কৰাৰ মাজতে চীনে বিশ্বৰ বিভিন্ন উদ্যোগ আৰু খণ্ডৰ অসাধাৰণ প্ৰতিভাক চীনলৈ আহিবলৈ আদৰণি জনাইছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুও জিয়াকুনে সোমবাৰে
চীনৰ পতাকা


বেইজিং, ২২ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকাত প্ৰবাসী দক্ষ কৰ্মীৰ বাবে ট্ৰাম্প প্ৰশাসনে ভিছাৰ নিয়ম কটকটীয়া কৰাৰ মাজতে চীনে বিশ্বৰ বিভিন্ন উদ্যোগ আৰু খণ্ডৰ অসাধাৰণ প্ৰতিভাক চীনলৈ আহিবলৈ আদৰণি জনাইছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুও জিয়াকুনে সোমবাৰে এই মন্তব্য কৰে।

ইফালে, ট্ৰাম্প প্ৰশাসনে এইচ-১বি ভিছাৰ মাচুল এক লাখ ডলাৰলৈ বৃদ্ধি কৰাৰ সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰি তেওঁ কয় যে চীনে আমেৰিকাৰ ভিছা নীতিৰ সন্দৰ্ভত কোনো মন্তব্য নকৰে। দেশখনৰ প্ৰযুক্তি উদ্যোগৰ পেছাদাৰীসকলৰ ওপৰত আমেৰিকাৰ এই নীতি পৰিৱৰ্তনৰ প্ৰভাৱ আৰু যোৱা বছৰবোৰত বিদেশী কাৰিকৰী প্ৰতিভাক আকৰ্ষণ কৰাৰ সন্দৰ্ভত চীনৰ নীতিৰ বিষয়ে সোধাত তেওঁ কেৱল কয় যে তেওঁৰ দেশখনে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অসাধাৰণ প্ৰতিভাক চীনলৈ আহিবলৈ আদৰণি জনাইছে।

বিশ্বায়নৰ যুগত সীমা অতিক্ৰম কৰি প্ৰতিভাৰ প্ৰবাহে বিশ্বজুৰি প্ৰযুক্তিগত অগ্ৰগতি আৰু অৰ্থনৈতিক বিকাশ কেনেদৰে আগুৱাই লৈ গৈছে সেই সম্পৰ্কে আন এটা প্ৰশ্নৰ উত্তৰত গুওৱে কয় যে, চীনে বিশ্বৰ সকলো উদ্যোগ আৰু অঞ্চলৰ অসাধাৰণ প্ৰতিভাক চীনলৈ আহিবলৈ, চীনত শিপা স্থাপন কৰিবলৈ, আৰু ব্যক্তিগত কেৰিয়াৰ বিকাশৰ বাবে আদৰণি জনাইছে। ইয়াৰ দ্বাৰা যৌথভাৱে মানৱ সমাজৰ নিৰন্তৰ অগ্ৰগতিৰ প্ৰসাৰ ঘটিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande