বিটিচি নিৰ্বাচনৰ বাক্সাৰ ৫৭৫ টা ভোট কেন্দ্ৰত আৰম্ভ হৈছে ভোট গ্ৰহণ
বাক্সা, ২২ ছেপ্তেম্বৰ (হি.স.)। অসমীয়াৰ হিয়াৰ আমঠু কালজয়ী শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো শোকৰ ছাঁ পৰাৰ সময়তেই সমগ্ৰ বিটিআৰৰ লগতে বাক্সা জিলাতো আজি পুৱা ৭-৩০ বজাৰ পৰা বিটিচি সাধাৰণ নিৰ্বাচন আৰম্ভ হৈছে। আজি পুৱাৰে পৰ
বিটিচি নিৰ্বাচনৰ বাক্সাৰ ৫৭৫ টা ভোট কেন্দ্ৰত আৰম্ভ হৈছে ভোট গ্ৰহণ


বাক্সা, ২২ ছেপ্তেম্বৰ (হি.স.)। অসমীয়াৰ হিয়াৰ আমঠু কালজয়ী শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো শোকৰ ছাঁ পৰাৰ সময়তেই সমগ্ৰ বিটিআৰৰ লগতে বাক্সা জিলাতো আজি পুৱা ৭-৩০ বজাৰ পৰা বিটিচি সাধাৰণ নিৰ্বাচন আৰম্ভ হৈছে।

আজি পুৱাৰে পৰা জিলাখনৰ ৫৭৫ টা ভোট কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আৰু মুঠ ৪,৭৪,১৯৭ গৰাকী ভোটাৰে জিলাখনৰ ছয়টা পৰিষদীয় সমষ্টিৰ ৫২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। আনহাতে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ দুটা পৰিষদীয় সমষ্টিৰ ২০ নং মথনগুৰী (মুকলি) পৰিষদীয় সমষ্টিত ১১ গৰাকী আৰু ২১ নং শালবাৰী (জনজাতি) পৰিষদীয় সমষ্টিত ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে। উল্লেখ্য যে এই নিৰ্বাচন নিয়াৰি আৰু শান্তিপূৰ্ণ ভাৱে পৰিচালনা কৰিবলৈ অতিৰিক্ত নিৰাপত্তা বাহিনী নিয়োগ কৰা হৈছে বুলি জিলা আয়ুক্ত গৌতম দাসৰ পৰা জানিব পৰা গৈছে । আনহাতে আজি পুৱাই ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ ১৬৯৩ নং জনতা পাটলা প্ৰাথমিক বিদ্যালয়ত পৰিষদীয় সমষ্টিটোৰ বিজেপি দলৰ প্ৰাৰ্থী চক্ৰধৰ দাসে নিজৰ ভোটদান সাব্যস্ত কৰি তেওঁ নিশ্চিত ভাবে জয় লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande