তামুলপুৰত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সমাপ্ত
তামুলপুৰত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সমাপ্ত।
তামুলপুৰত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সমাপ্ত


তামুলপুৰ, ২২ ছেপ্টেম্বৰ (হি.স.): আজি তামুলপুৰ জিলাৰ পাঁচোটা পৰিষদীয় সমষ্টিৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সমাপ্ত হয়। আটাইকেইটা সমষ্টিতে পুৱা ৭.৩০ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হয় আৰু কিছুমান ভোটগ্ৰহণ কেন্দ্ৰত সন্ধিয়ালৈকে ভোটগ্ৰহণ কাৰ্য চলি থাকে।

জিলাখনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ৩৯৫টা। আজি আবেলি ৪.৩০ বজালৈ ভোটগ্ৰহণৰ হাৰসমূহ এনেধৰণৰ― ৭৭টা ভোটগ্ৰহণ কেন্দ্ৰ থকা ২৬ নং দৰঙাজুলি (জনজাতি) সমষ্টিত ৭০.৩%; ৬৩টা ভোটগ্ৰহণ কেন্দ্ৰ থকা ২৭ নং নাগ্ৰীজুলি (অ-জনজাতি)সমষ্টিত ৬৬.১%; ৯৬টা ভোটগ্ৰহণ কেন্দ্ৰ থকা ২৮ নং গয়বাৰী (জনজাতি) সমষ্টিত ৭৩.২%; ৬৮টা ভোটগ্ৰহণ কেন্দ্ৰ থকা ২৯ নং শুক্লাই ছেৰফাং (জনজাতি) সমষ্টিত ৭৪.৬ আৰু ৯১টা ভোটগ্ৰহণ কেন্দ্ৰ থকা ৩০ নং গোৰেশ্বৰ (জনজাতি) সমষ্টিত ৬১.৫% ভোটগ্ৰহণ হয়। বাতৰি লিখা পৰলৈকে ভোটগ্ৰহণৰ অন্তিম পৰ্যায়ৰ হাৰ আমাৰ হাতত পৰাহি নাই। আজি পুৱা ৭.৩০ বজাৰ আগতে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত মৰমৰ শিল্পী জুবিন গাৰ্গৰ নামত সেউজ নিৰ্বাচনৰ অংশ হিচাপে একোটাকৈ গছপুলি ৰোপণ কৰা হয়।

উল্লেখ্য যে ২৮ নং গয়বাৰী সমষ্টিৰ ৩০টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলা বিষয়া-কৰ্মচাৰীয়ে সুকলমে পৰিচালনা কৰে। জিলাখনৰ পাঁচোটা পৰিষদীয় সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ৩,৪৫,৭৭০গৰাকী। এইসকলে আজি নিৰ্ণয় কৰা বিভিন্ন ৰাজনৈতিক দলৰ ৪১গৰাকী প্ৰাৰ্থীৰ ভাগ্য অহা ২৬ ছেপ্টেম্বৰত স্পষ্ট হৈ পৰিব ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande