বিটিচি প্ৰদেশীয় পৰিষদীয় নিৰ্বাচন
গোসাঁইগাঁৱত ৮০'৯৯ শতাংশ ভোটদান ।
বিটিচি প্ৰদেশীয় পৰিষদীয় নিৰ্বাচন


কোকৰাঝাৰ, ২২ ছেপ্টেম্বৰ (হি.স.): আজি অনুষ্ঠিত হোৱা বিটিচি প্ৰদেশীয় পৰিষদৰ নিৰ্বাচনত গোসাঁইগাঁও মহকুমাত সামগ্ৰিকভাবে ৮০'৯৯ শতাংশ ভোটদানেৰে সমাপন হয় পৰিষদীয় নিৰ্বাচন ৷ প্ৰাপ্ত বাতৰি মতে মহকুমাত দুই-এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে মহকুমাৰ পাঁচটা পৰিষদীয় সমষ্টিত শান্তিপূৰ্ণভাবে ভোটদান সমাপন হোৱাৰ বাতৰি পোৱা গৈছে ৷

প্ৰাপ্ত তথ্য মতে গোসাঁইগাঁও মহকুমা প্ৰশাসনে পৰিচালনা কৰা ২ নং গুমা পৰিষদীয় সমষ্টিত ৬৩৪৬৯ গৰাকী ভোটাৰৰ ভিতৰত ৫০২৫০ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰে ৷ সমষ্টিত ৭৯'১৭ শতাংশ ভোট প্ৰদান হয়৷একেদৰে মহকুমাৰ ৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিত ৪৭১৫৯ গৰাকী ভোটাৰৰ ভিতৰত ৪০৩৯২ গৰাকী ভোটাৰে নিজৰ ভোটদান সাব্যস্ত কৰিছে ৷ সমষ্টিত ৮৫'৬৫ শতাংশ ভোট প্ৰদান হৈছে ৷ সেইদৰে মহকুমাৰ ৪ নং জমদুৱাৰ সমষ্টিত ৪৭৮৫০ গৰাকী ভোটাৰৰ ভিতৰত ৩৮৭৩১ গৰাকী ভোটাৰে ভোটদান কৰিছে ৷ সমষ্টিত ৭৮'৯৪ শতাংশ ভোটাৰে ভোটদান সাব্যস্ত কৰিছে ৷

আনহাতে মহকুমাৰ সদৰ চহৰক সাঙুৰি গঠিত হোৱা ৫ নং শৰাইবিল পৰিষদীয় সমষ্টিত এইবেলি ৫৮৩৩৮ গৰাকী ভোটাৰৰ ভিতৰত ৪৫৯২২ গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে ৷ একেদৰে ৬ নং কচুগাঁও পৰিষদীয় সমষ্টিত ৫৭৪৬৩ গৰাকী ভোটদাতাৰ ভিতৰত আজি ৪৬৮৪৭ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰি সমষ্টিৰ আঠ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বেলট বাকছত বন্দী কৰিছে সমষ্টিত ৮১' ৬৩ শতাংশ ভোটাৰে ভোটদান কৰাৰ তথ্য পোৱা গৈছে৷ হাতত পৰা তথ্য মতে গোসাঁইগাঁও মহকুমা প্ৰশাসনে পৰিচালনা কৰা মহকুমাৰ মুঠ পাঁচটা সমষ্টিত থকা সৰ্বমুঠ ২৭৪২৭৯ গৰাকী ভোটাৰৰ ভিতৰত আজি অন্তিম সময়লৈকে ২২২১৪২ গৰাকী ভোটদাতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ জৰিয়তে ৪৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বেলট বাকছত আৱদ্ধ কৰিছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande